Rupaliparda.com
বালাজীয়ে কেনেদৰে বিচাৰি উলিয়াইছিল সুশান্ত সিং ৰাজপুতক?? 1

বালাজীয়ে কেনেদৰে বিচাৰি উলিয়াইছিল সুশান্ত সিং ৰাজপুতক??

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ বিভিন্নখন ফটো জনসাধাৰণৰ মাজত শ্বেয়াৰ হোৱা দেখা গৈছে। তেওঁৰ প্ৰথমখন ধাৰাবাহিক “পৱিত্ৰ ৰিষ্টা” য়ে আছিল তেওঁৰ সফলতাৰ বাট। কিন্তু আপোনালোকে জানেনে বালাজী টেলিফ্লিমৰ বেনাৰত নিৰ্মিত এই ধাৰাবাহিকখনত অভিনয় কৰিবলৈ কেনেদৰে সুশান্তক বিচাৰি উলিওৱা হৈছিল? আচলতে, এই কথা জানিবলৈ দিয়ে ৰাজ বব্বৰৰ জীয়ৰী জুহি বব্বৰে।

https://www.instagram.com/p/CBbA6YLBzCP/?utm_source=ig_web_copy_link

জুহীয়ে শ্বেয়াৰ কৰা এখন ফটোৰ সৈতে অভিনেতা গৰাকীৰ তেওঁৰ থিয়েটাৰৰ প্ৰতি থকা আন্তৰিকাৰ বিষয়ে ব্যক্ত কৰে। তেওঁ লিখে যে, “মই সুশান্তক দুখন নাটকত গ্ৰহণ কৰিছিলো। ২০০৭ চনত প্ৰথমখন নাটক আছিল “পুকাৰ” আৰু দ্বিতীয়খন কমেডী নাটকত তেওঁ অভিনয় কৰে; যিখন হ’ল “দৌৰা দৌৰা ভাগা ভাগা ছা।” সুশান্তে নিজৰ নাটকৰ সময় ছোৱাত বক্স অফিচত টিকেট কালেকচনৰ সময়ত থকা অৱস্থাত তেওঁক চিনি উলিয়াইছিল বালাজী ফিল্মচৰ সৈতে জড়িত থকা কাষ্টিংগ ডাইৰেক্টৰে।” জুহী বব্বৰে কয় যে সুশান্তে ধাৰাবাহিক আৰু ছবিত অভিনয় কৰা পিছতো তেওঁ নাটকৰ সৈতে জড়িত আছিল।

বালাজীয়ে কেনেদৰে বিচাৰি উলিয়াইছিল সুশান্ত সিং ৰাজপুতক?? 2


জুহীয়ে কয় যে, “মই এটা ফোন কৰা পিছতেই তেওঁ যথেষ্ট ব্যস্ত হোৱা পিছতো মোৰ ইভেন্ট সমূহলৈ আহিছিল আৰু মোক সদায় তেওঁ কৈছিল যে মই তেওঁৰ প্ৰথমগৰাকী পৰিচালক আছিলো।” উল্লেখ্য যে, কালি সুশান্ত সিং ৰাজপুতৰ শেষৰখন ছবি “দিল বেছাৰা” মুক্তি লাভ কৰে। ছবিখন প্ৰিমিয়াৰ হোৱাৰ পিছতেই ছবিখন প্ৰত্যেকজন জনসাধাৰণে উপভোগ কৰাৰ উপৰিও ইয়াৰ বিষয়ে চচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.