Rupaliparda.com
বৃদ্ধ মহিলাৰ "ষ্টন্ট" দেখি আপ্লুত ঋতেশ দেশমুখঃ আগবঢ়ালে সহায়- 1

বৃদ্ধ মহিলাৰ “ষ্টন্ট” দেখি আপ্লুত ঋতেশ দেশমুখঃ আগবঢ়ালে সহায়-

“ক’ৰ’ণা ভাইৰাছ” ৰ ফলত হোৱা ঠাইয়ে ঠাইয়ে “লক-ডাউনে” এতিয়া পৰিস্থিতি আৰু গম্ভীৰ কৰি তুলিছে। বহু লোক নিজ কৰ্মৰ পৰা আঁতৰি অহাৰ লগতে বহুতে সৰু-সুৰা কাম কৰি নিজৰ আৰু পৰিয়ালক পোহপাল দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। এইখিনি সময়তে এগৰাকী বৃদ্ধ মহিলাৰ এটি ভিডিঅ’ই জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়; ৰাষ্টাৰ মাজত এই বৃদ্ধাগৰাকীয়ে এডাল বাঁহৰ সৈতে বিভিন্ন “ষ্টন্ট” প্ৰদৰ্শন কৰে। অৰ্থৰ অভাৱৰ বাবেই বৃদ্ধাগৰাকীয়ে এনেদৰে ৰাষ্টালৈ আহি নিজৰ ষ্টন্ট সমূহ দেখুৱাই দৰ্শকৰ দৃষ্টি আকৰ্ষণৰ বাবে বাধ্য হৈছে। কিন্তু এনে সময়তে কোনো ব্যক্তিয়ে তেওঁৰ ভিডিঅ’ কৰে আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ এনে সময়ত বৃদ্ধাগৰাকীৰ প্ৰতিভাৰো প্ৰশংসা কৰা দেখিবলৈ পোৱা যায় জনসাধাৰণক। উল্লেখ্য যে, মহিলা গৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহে বলীউড অভিনেতা ঋতেশ দেশমুখ; তেওঁ টুইটাৰত প্ৰথমতে বৃদ্ধাগৰাকীৰ প্ৰতিভাৰ প্ৰশংসা কৰে আৰু তেওঁৰ বিষয়ে কোনোবাই জানে নেকি প্ৰশ্ন কৰে।

বৃদ্ধ মহিলাৰ "ষ্টন্ট" দেখি আপ্লুত ঋতেশ দেশমুখঃ আগবঢ়ালে সহায়- 2


তাৰ পিছত অইন এটা টুইট যোগে অভিনেতাগৰাকীয়ে কয় যে তেওঁৰ টীম মহিলা গৰাকীৰ সৈতে সম্পৰ্ক কৰিবলৈ সক্ষম হৈছে। অভিনেতা ঋতেশে এতিয়া কেনেদৰে মহিলাগৰাকীক সহায় আগবঢ়াব; সেয়া হ’ব লক্ষণীয়। আচলতে ঋতেশৰ উপৰিও বহু লোকক বৃদ্ধাগৰাকীৰ এনে কাৰ্যই দুখ দিয়াৰ লগতে প্ৰশান্তিও আগবঢ়াইছে যে তেওঁ এই সময়ত নিজৰ আত্মবিশ্বাস হেৰুওৱা নাই আৰু কৰ্ম কৰি গৈ আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform