Rupaliparda.com
"লক-ডাউন"শেষ হ'লে ক'লৈ যাব?? সুধিছে পৰিণীতা বৰঠাকুৰেঃ 1

“লক-ডাউন”শেষ হ’লে ক’লৈ যাব?? সুধিছে পৰিণীতা বৰঠাকুৰেঃ

“লক-ডাউন” অথবা এই মহামাৰীৰ ফলত হোৱা আতংকময় পৰিস্থিতিৰ শেষ হোৱা পিছত আমি প্ৰত্যেকেই কিবা নহয় কিবা এটা কাম কৰাৰ পৰিকল্পনা কৰিছো। কোনোৱে যদি ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছো আনহাতে কোনোৱে নিজ ভৱিষ্যত সুন্দৰ কৰিবলৈ কোনো কাম কৰাৰ কথা ভাৱিছো। মুঠতে, সকলোৱে বৰ্তমান পৰিস্থিতিটোৰ পৰা হাত সৰাৰ চেষ্টা কৰিছে; এইবাৰ এনেই এক প্ৰশ্ন কৰিছে মুম্বাই প্ৰতিষ্ঠিত অসমীয়া অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে। এই মহামাৰীৰ শেষ হোৱা পিছত জনসাধাৰণ সমূহে ক’লৈ যোৱাৰ পৰিকল্পনা কৰিছে তাক লৈ প্ৰশ্ন কৰে অভিনেত্ৰী গৰাকীয়ে।

১৯৮৭ চনত জন্মগ্ৰহণ কৰা মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান পৰিণীতা বৰঠাকুৰ অসমীয়া সাংস্কৃতিক জগতৰ এক জনপ্ৰিয় ও সফল নাম। মুনীন বৰুৱাৰ জনপ্ৰিয় ছবি “নায়ক” ৰে অভিনয় জগতত খোজ পেলোৱা এই গৰাকী অভিনেত্ৰীয়ে কেৱল মাত্ৰ অসমীয়া ছবি অথবা ধাৰাবাহিকতে নিজৰ অভিনয়ৰ যাদু চলোৱা নাছিল; তেওঁ হিন্দী ধাৰাবাহিক অথবা জনপ্ৰিয় ছবিতো কাম কৰাৰ সুবিধা লাভ কৰিছে। “চাচ বহু ঔৰ চেনচেক্স” ৰ লগতে কৰীণা আৰু ছেইফ আলি খানৰ ছবি “কোৰবান” তো অভিনেত্ৰী পৰিণীতাই কাম কৰিছে।

"লক-ডাউন"শেষ হ'লে ক'লৈ যাব?? সুধিছে পৰিণীতা বৰঠাকুৰেঃ 2


ইয়াৰ লগতে,অভিনেত্ৰী গৰাকীয়ে সাৱধান ইণ্ডিয়া, ক্ৰাইম পেট্ৰল, প্ৰীতম প্যাৰস ঔৰ ৱ’ আৰু স্বৰাগ্নি আদি হিন্দী জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও অভিনেত্ৰী পৰিণীতা বৰঠাকুৰে অসমীয়া শ্ৰব্য আৰু ভিডিঅ’ চিডি “পৰিণীতা” কে ধৰি অসমীয়া ছবি “পলে পলে উৰে মন” তথা “গানে কি আনে” ৰ সংগীতত কন্ঠদান কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform