Rupaliparda.com
সঞ্জনাৰ কান্ধত মূৰ থৈ জিৰণি সুশান্ত সিং ৰাজপুতৰঃ 1

সঞ্জনাৰ কান্ধত মূৰ থৈ জিৰণি সুশান্ত সিং ৰাজপুতৰঃ

এগৰাকী অভিনেত্ৰীৰ বাবে প্ৰথমখন ডাঙৰ ছবি য’ত তেওঁ প্ৰথমবাৰৰ বাবে ৰূপায়ন কৰিছে মূখ্য চৰিত্ৰ আৰু ঠিক তেনে সময়তে তেওঁৰ বিপৰীতে থকা অভিনেতা গৰাকীৰ মৃত্যুয়ে অভিনেত্ৰী গৰাকীৰ মানসিক স্থিতি খেলি-মেলি কৰি তুলিব পাৰে। বি-টাউন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত অভিনেত্ৰী সঞ্জনা সাংঘীৰো এনে এক পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছিল। তেওঁ প্ৰায়ে চচিয়েল মিডিয়াত সুশান্তৰ সৈতে থকা একোখন ফটো আপলোড কৰাৰ লগতে ছবিখনৰ শ্বুটিং সময়ৰ বিভিন্ন স্মৃতি ৰোমন্থন কৰা দেখিবলৈ পোৱা যায়। সুশান্তৰ শেষৰখন ছবি “দিল বেছাৰা” ই ইতিমধ্যে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে; আকৌ এবাৰ অভিনয়ৰ যোগেৰে দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছে সুশান্ত সিং ৰাজপুত। ছবিখনত অভিনেত্ৰী সঞ্জনাৰ অভিনয়ো নুই কৰিব পৰা নাযায়; এখন ফটো আপলোড কৰি সঞ্জনাই আকৌ এবাৰ সুশান্তলৈ মনত পেলায় আৰু কয় যে “শ্বুটিং সময়ৰ ভাল লগা মূহুৰ্ত”। ফটোখনত সংজনাৰ কান্ধত মূৰ থৈ শুই যোৱা দেখিবলৈ পোৱা গৈছিল সুশান্তক।

সঞ্জনাৰ কান্ধত মূৰ থৈ জিৰণি সুশান্ত সিং ৰাজপুতৰঃ 2


সঞ্জনাই জনাইছিল যে, “সুশান্তে ছেটত বহু স্ফূৰ্তি কৰিছিল। তেওঁ প্ৰায়ে বেনিটী ভেনলৈ স্পটবয়ক মই কি কৰি আছো চাবলৈ পঠিয়াই দিছিল। মই যদি সংলাপৰ আখৰা কৰি থাকো তেনেহ’লে তেওঁ মোৰ বাবে কফি পঠিয়াই দিয়ে আৰু কেতিয়াবা তেওঁৰ ভাললগাই এখন কিতাপ পঠিয়াই দিছিল।” সঞ্জনাই শেষত কয় যে তেওঁলোক সকলোৱে এটা পৰিয়ালৰ দৰেই আছিল আৰু ইজনে আনজনৰ সৈতে ধেমালি কৰিছিল। ইতিমধ্যে বিভিন্ন ছবিখনৰ বিভিন্নজনে পোষ্ট আপলোড কৰা দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.