Rupaliparda.com
অসমৰ যুৱক ৰেকিব আহমেদ আৰু জুবিন নৌতিয়ালৰ যুগলবন্দীঃ ভাইৰেল ভিডিঅ'- 1

অসমৰ যুৱক ৰেকিব আহমেদ আৰু জুবিন নৌতিয়ালৰ যুগলবন্দীঃ ভাইৰেল ভিডিঅ’-

অসমৰ যুৱক আৰু কন্ঠশিল্পী ৰেকিব আহমেদৰ এটি ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ভিডিঅ’টি কিছুদিন পূৰণি যদিও ই বৰ্তমান ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিভিন্নখন মঞ্চত গীত পৰিৱেশন কৰাৰ লগতে দুই এটা গীতৰ কভাৰ প্ৰস্তুত কৰি সংগীত ক্ষেত্ৰখনত খোজ দিবলৈ আৰম্ভ কৰা ৰেকিবে মুম্বাইস্থিত কন্ঠশিল্পী জুবিন নৌতিয়ালৰ সৈতে বহি তেওঁৰেই এটি গীতৰ কিছু অংশত কন্ঠদান কৰে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত হিন্দী ছবি “মাৰঝাৱা” ত অন্তৰ্ভূক্ত “বহত আয়ি গেয়ি য়াদে” শীৰ্ষক গীতটিত কন্ঠদান কৰে ৰেকিবে।

অসমৰ যুৱক ৰেকিব আহমেদ আৰু জুবিন নৌতিয়ালৰ যুগলবন্দীঃ ভাইৰেল ভিডিঅ'- 2

ৰেকিবে গাই থকা অৱস্থাত জুবিন নৌতিয়ালো তেওঁৰ কাষতেই বহি থকা দেখিবলৈ পোৱা যায়। এই পূৰণি ভিডিঅ’টোকে বৰ্তমান ইনষ্টাগ্ৰামত ভাইৰেল কৰি তোলাৰ লগতে ৰেকিব আহমেদৰ প্ৰশংসাও কৰিছে বিভিন্ন জনে। শেহতীয়াকৈ তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “তেৰা ঘাটা” শীৰ্ষক গীতটিয়ে লাভ কৰিছিল জনপ্ৰিয়তা। জুবিন নৌতিয়ালৰ সৈতে কৰা সৰু যুগলবন্দীৰ এই ভিডিঅ’টো চাওঁচোন আহকঃ

https://www.instagram.com/p/CDIn5aZh_XJ/?utm_source=ig_web_copy_link

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.