Rupaliparda.com
কাৰ্গিল যুদ্ধৰ কিছু অব্যক্ত ঘটনাৰে চুটি ছবি "KARGIL WAR: THE STORY UNTOLD"- 1

কাৰ্গিল যুদ্ধৰ কিছু অব্যক্ত ঘটনাৰে চুটি ছবি “KARGIL WAR: THE STORY UNTOLD”-

১৯৯৯ চনত সংঘটিত কাৰ্গিল যুদ্ধৰ বিষয়ে সমগ্ৰ বিশ্ব জ্ঞাত। দেশৰ জোৱানে নিজ প্ৰাণ হেৰুৱালেও তেওঁলোকৰ বিজয় ডংকাই উৎসাহিত কৰি তুলিছিল সমগ্ৰ দেশৰ জনসাধাৰণক। ৫২৭ গৰাকী জোৱানে নিজ প্ৰাণ হেৰুৱাইছিলে যদিও ২ মাহ ৩ সপ্তাহ আৰু ২ দিন পৰ্যন্ত চলা এই যুদ্ধ নিজ শেষ অংশত পৰিণত হৈছিল ২৬ জুলাই তাৰিখে আৰু এই দিনটোকেই দেশৰ জনসাধাৰণে “কাৰ্গিল বিজয় দিৱস” ৰূপে উদযাপন কৰি আহিছে প্ৰত্যেকে। চলিত বৰ্ষতো উক্ত ২৬ জুলাই তাৰিখৰ দিনা উদযাপন কৰা হৈছিল “কাৰ্গিল বিজয় দিৱস”; এই দিনটোত প্ৰতিজন ভাৰতীয়ই সেনা জোৱানক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ এনে জয়ক লৈ গৌৰৱন্বিতও হৈ উঠে। কাৰ্গিল যুদ্ধত যুঁজিছিল মাত্ৰ সেনাজোৱান সকলে বুলি কলে ভুল হব। এই যুদ্ধ খনত প্ৰত্যক্ষ বা পৰোক্ষ ভাবে জড়িত হৈ পৰিছিল তাৰ স্থানীয় লোকসকল। যুদ্ধত প্ৰয়োজনীয় অস্ত্ৰ সামগ্ৰী পাহাৰৰ উচ্চতালৈ কঢ়িওৱা আৰু খাদ্য যোগান ধৰাত স্থানীয় লোকসকল অৱদান আছিল অপৰিসীম। হয়টো তেওঁলোকৰ প্ৰত্যক্ষ সহযোগ অবিহনে আমি ভাৰতীয়ই এই বিজয়ৰ সোৱাদ নাপালোঁ হয়। এই সৰ্বসাধাৰণ ৰাইজৰ মনৰ ভিতৰৰ কিছু কথাৰ আধাৰত লগতে ভাৰতীয় সেনাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে নিৰ্মাণ কৰি উলিওৱা হৈছে এখন চুটি ছবি “KARGIL WAR: THE STORY UNTOLD”।

কাৰ্গিল যুদ্ধৰ কিছু অব্যক্ত ঘটনাৰে চুটি ছবি "KARGIL WAR: THE STORY UNTOLD"- 2


চুটি ছবিখন মুক্তি পোৱা পিছতেই ছবিখনে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে লগতে ইয়াৰ দ্বাৰা যুদ্ধ হোৱা সময়ছোৱাত তাত উপস্থিত জনসাধাৰণৰ মানসিক স্থিতিৰ বিষয়েও অৱগত হ’বলৈ সক্ষম হৈছে। অম্বৰিশ বৰদলৈৰ পৰিচালনা আৰু সম্পাদনাৰে চুটি ছবিখনৰ কাহিনী লিখিছে প্ৰতিস্থিতা বৈশ্যই। ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে আছিম এম.ডি কান্নানচেৰি আৰু অমবৰিশ বৰদলৈয়ে। ইয়াৰ লগতে, ছবিখনৰ চাউণ্ডৰ দায়িত্বত আছে পাৰ্থ প্ৰতিম শইকীয়া। এটি সুন্দৰ বিষয়বস্তু আৰু জনসাধাৰণৰ আৱেগ সন্মিলিত এটা কাহিনীক লৈ নিৰ্মাণ কৰা এই চুটি ছবিখনে চলচ্চিত্ৰম নেশ্বনেল ফিল্ম ফেষ্টিভেলত মনোনীত হোৱাৰ উপৰিও কেইবাখনো আন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি সমাৰোহতো মনোনয়ন লাভ কৰাৰ সুবিধা লাভ কৰে।

কাৰ্গিল যুদ্ধৰ কিছু অব্যক্ত ঘটনাৰে চুটি ছবি "KARGIL WAR: THE STORY UNTOLD"- 3


ভাৰতীয় সেনাৰ বীৰত্ব আৰু প্ৰতিটো সময়ত তেওঁলোকে দেখুওৱা প্ৰত্যু্ৎপন্নমতি আচৰণৰ বাবেই যে ভাৰত কাৰ্গিল যুদ্ধত জয়ী হ’বলৈ সক্ষম হৈছিল সেয়া নিশ্চিত। চুটি ছবিখনৰ জৰিয়তে নৱপ্ৰজন্মই কৰা এই প্ৰচেষ্টাত এতিয়া দৰ্শকেও জনাইছে সঁহাৰি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform