Rupaliparda.com
"দৰাচলতে "পৰিৱৰ্তন" সৃষ্টিৰ নীতি গতিকে আজিৰ প্ৰজন্মই যিখিনি দিছে"- ৰাহুল দে দাস 1

“দৰাচলতে “পৰিৱৰ্তন” সৃষ্টিৰ নীতি গতিকে আজিৰ প্ৰজন্মই যিখিনি দিছে”- ৰাহুল দে দাস

কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও, বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে। আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে।

"দৰাচলতে "পৰিৱৰ্তন" সৃষ্টিৰ নীতি গতিকে আজিৰ প্ৰজন্মই যিখিনি দিছে"- ৰাহুল দে দাস 2

এই সংগীত ক্ষেত্ৰখনলৈ বৰ্তমান বহুত ন-ন শিল্পী, কলা-কুশলী আগবাঢ়ি আহিছে; ইয়াত একাংশৰ সৃষ্টিও হৈছে লেখত ল’বলগীয়া। এই ক্ষেত্ৰখনত থকা গীতিকাৰ সমূহৰ ভিতৰত এগৰাকী হৈছে ৰাহুল দে দাস, “জিয়া জিয়া” শীৰ্ষক গীতটিৰ দ্বাৰা এই ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা ৰাহুলে শেহতীয়াকৈ নিজ “কথা” ৰে সজোৱা এটি গীতে মুক্তিৰ পূৰ্বেই লাভ কৰিছে জনপ্ৰিয়তা। “ভৱাই নাছিলো” শীৰ্ষক গীতটিৰ বিষয়ে হয়টো আপোনালোকক নক’লেও আপোনালোকে শুনিছো বুলিয়ে উত্তৰত ক’ব; দীপলিনা আৰু জুবিন গাৰ্গৰ কন্ঠৰ এই গীতটিতো কথা হৈছে ৰাহুলৰ।


বৰ্তমান সময়ত ৰাহুলৰ অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা কথা বতৰাত যেতিয়া সংগীত ক্ষেত্ৰখনত তেওঁৰ প্ৰথমটো গীত কেতিয়া মুক্তি পাইছিল বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “২০১৪ চনৰ পৰাই মই সংগীত ক্ষেত্ৰখনৰ লগত চিনাকি হোৱা যদিও মই লিখা প্ৰথম গানটো ২০১৫ চনত মুক্তি পাইছিল।” তেওঁক ৰূপালীপৰ্দাই কৰা আন এটা প্ৰশ্ন আছিল বৰ্তমান সংগীত ক্ষেত্ৰখনত বহু নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তি হৈছে। বহু নতুন গীতো মুক্তি লাভ কৰিছে; এতিয়াৰ আৰু তেতিয়াৰ গীতৰ মাজত পাৰ্থক্য অনুভৱ কৰেনে? ইয়াৰ উত্তৰত ৰাহুলে কৈছিল যে, ” মই নিজেও আচলতে নৱপ্ৰজন্মৰ মাজৰেই এজন; মোৰ ব্যক্তিগত ভাৱে এতিয়া আৰু তেতিয়াৰ গানৰ মাজত যথেষ্ট পাৰ্থক্য অনুভৱ হয়। দৰাচলতে “পৰিৱৰ্তন” সৃষ্টিৰ নীতি গতিকে আজিৰ প্ৰজন্মই যিখিনি দিছে, তাৰ পিছৰ প্ৰজন্মই নিশ্চয়ে আকৌ এটা বেলেগ সৃষ্টি সমাজলৈ আগবঢ়াই দিব।”

"দৰাচলতে "পৰিৱৰ্তন" সৃষ্টিৰ নীতি গতিকে আজিৰ প্ৰজন্মই যিখিনি দিছে"- ৰাহুল দে দাস 3


ৰাহুলে আকৌ কয় যে, ” প্ৰত্যেকটো পাৰ হৈ যোৱা চামৰ সৃষ্টিয়েই নতুন চামৰ কৰ্ম ক্ষেত্ৰৰ আঁৰত অনুপ্রেৰণাদায়ক হিচাপে থিয় হয়। মই ভাবোঁ সংগীতৰ ধাৰা এনেকৈয়ে পৰিৱৰ্তনৰ দ্বাৰাই পৃথিৱীত জীয়াই থাকিব।” উল্লেখ্য যে, নৱপ্ৰজন্মৰ ফালৰ পৰা পোৱা এনে কিছু লেখত ল’বলগীয়া সৃষ্টিত আপ্লুত হৈ পৰে জনসাধাৰণো; সেইবাবেই হয়টো মুক্তিৰ আগৰ পৰাই ইয়াক লৈ উৎসাহী হৈ থাকে এওঁলোক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform