Rupaliparda.com
অসমৰ বানপীড়িতলৈ সহায় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰঃ অনুৰাগীকো জনায় আহ্বান - 1

অসমৰ বানপীড়িতলৈ সহায় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰঃ অনুৰাগীকো জনায় আহ্বান –

বলীউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা এগৰাকী এনে অভিনেত্ৰী যিয়ে নিজৰ ব্যক্তিগত জীৱনৰ লগতে পাৰিবাৰিক আৰু সামাজিক জীৱনৰ সৈতে সুন্দৰ ভাৱে সংলগ্ন কৰি আগুৱাই গৈ থকা দেখিবলৈ পোৱা যায়। অভিনয় জীৱনৰ উপৰিও অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই চচিয়েল মিডিয়াতো সক্ৰিয় হৈ থাকে। প্ৰয়োজনৰ সময়ত অভিনেত্ৰী গৰাকীয়ে বিভিন্ন এন.জি.অ’, সংগঠন অথবা চৰকাৰী মাধ্যমৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ কাষ চাপে আৰু তেওঁলোকক সহায় আগবঢ়ায়।

অসমৰ বানপীড়িতলৈ সহায় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰঃ অনুৰাগীকো জনায় আহ্বান - 2

ক’ৰোণা ত্ৰাসৰ মাজতেই অভিনেত্ৰী গৰাকীয়ে “PM Care Fund” লৈ অনুদান আগবঢ়াইছিল আৰু তাৰ সমান্তৰালকৈ অভিনেত্ৰী গৰাকী বৰ্তমান আগবাঢ়ি আহিছে অসমৰ ৰাইজক সহায় কৰিবলৈ। বানপানীয়ে ৰাজ্যত বিভীষিকাৰ সৃষ্টি কৰি পেলাইছে; বহুতেই নিজৰ ঘৰখনৰ উপৰিও পৰিয়ালৰ সদস্যক হেৰুৱাইছে গতিকে এনেক্ষেত্ৰত বি-টাউন অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই অসমলৈ আগবঢ়াইছে সহায়ৰ হাত। প্ৰিয়ংকা লগতে তেওঁৰ স্বামী নিক জোনাসে মূখ্যমন্ত্ৰী সোণোৱালৰ জৰিয়তে এই সহায় আগবঢ়ায় আৰু তেওঁৰ অনুৰাগী সকলকো সহায়ৰ বাবে আহ্বান জনায়।

অসমৰ বানপীড়িতলৈ সহায় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰঃ অনুৰাগীকো জনায় আহ্বান - 3


প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামত দিয়া এটি ষ্টেটাছ যোগে তেওঁ লিখে যে, “আমি সকলোৱে এটা ভাইৰাছৰ সৈতে যুঁজ দি আছো। কিন্তু অসমে আকৌ এটা অসুবিধাৰ সৈতেও যুঁজ দি আছে; বাৰিষাৰ এই সময়ত অহা বানপানীয়ে মানৱ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছে। জীৱনৰ লগতে নিজ ভূমি/সম্পত্তিত পৰা এই প্ৰভাৱ অকল্পনীয়। ক্ৰমশঃ বাঢ়ি গৈ থকা এই বানে কাজিৰঙা অভয়াৰণ্যকো নিজ হাতৰ মুঠিত আৱদ্ধ কৰি পেলাইছে।” এনেদৰে লিখি অভিনেত্ৰী গৰাকীয়ে আন আন জনসাধাৰণকো সহায়ৰ বাবে আহ্বান জনায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.