Rupaliparda.com
"কোভিড ১৯" হ'ব বিষয়বস্তুঃ অনুভৱ সিনহাৰ ছবিত থাকিব আন নিৰ্দেশকো- 1

“কোভিড ১৯” হ’ব বিষয়বস্তুঃ অনুভৱ সিনহাৰ ছবিত থাকিব আন নিৰ্দেশকো-

“থপ্পড়” আৰু “আৰ্টিকেল ১৫” ৰ দৰেই গুৰু-গম্ভীৰ বিষয়ক লৈ একোখন সুন্দৰ ছবিৰ নিৰ্মাতা অনুভৱ সিনহাই এইবাৰ বৰ্তমান সময়ৰ চৰ্চিত বিষয় “কোভিড ১৯” ক লৈ এখন এনথ্ৰলজি ছবি নিৰ্মাণৰ প্ৰয়াস কৰিছে। তেওঁৰ সৈতে এই ছবিখনত সহযোগ কৰিব হন্সল মেহতা, সুধীৰ মিশ্ৰা, কেতন মেহতা আৰু সুভাষ কাপুৰৰ দৰেই একোজন নিৰ্দেশকে। টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা কথা-বতৰা যোগে অনুভৱ সিনহাই কয় যে, “এয়া বৰ এক ভাললগা সময়; মই জানো এইটো সময়ৰ বাবে “ভাললগা” শব্দটোক প্ৰয়োগ কৰাটো ভুল। সুধীৰ ভাইৰ ড্ৰাইভাৰ গৰাকীৰ গাত ক’ৰোণা ভাইৰাছৰ লক্ষণ দেখিবলৈ পোৱা গৈছিল আৰু তেওঁ হাস্পাতালত বিছনা পোৱা নাছিল; তেওঁক এখন বিছনা যোগান ধৰিবলৈ আমি সকলোৱে ফোন কৰা আৰম্ভ কৰিছিলো আৰু তেতিয়াই মোৰ ভাৱ হৈছিল যে আমি ইয়াক ডকুমেন্ট কৰি থ’ব পাৰো।” আহিবলগীয়া ছবিখনক উদ্দেশ্যি পৰিচালকগৰাকীয়ে কয়, “এনে এখন ছবিৰ সৈতে যেতিয়া ভিন্ন জন অইন নিৰ্মাতাও জড়িত হৈ পৰে তেতিয়া ইয়াতকৈ ভাল কথা আৰু কি হ’ব পাৰে?”

"কোভিড ১৯" হ'ব বিষয়বস্তুঃ অনুভৱ সিনহাৰ ছবিত থাকিব আন নিৰ্দেশকো- 2


তেওঁ আকৌ কয় যে, “সুধীৰ ভাইৰ পিতৃৰ মৃত্যু এই সময়তে হ’ল; আমি ইৰফান খানক হেৰুৱালো। আমি ইৰফান খানৰ অন্তিম যাত্ৰাটো উপস্থিত থাকিব পৰা নাছিলো। এই ছবিখনতেই আমাৰ প্ৰত্যেক গৰাকী নিৰ্দেশকৰ একোটা একোটা কাহিনী সন্নিবিষ্ট কৰা হ’ব।” উল্লেখ্য যে, এই ছবিখনৰ বাবে অনিভৱ সিনহাই অনুৰাগ কাশ্যপৰো কাষ চাপিছিল কিন্তু তেওঁ অইন প্ৰকল্পৰ সৈতে জড়িত হোৱা বাবে এই ছবিখনত সহযোগিতা কৰিব নোৱাৰিলে। ২০২১ চনলৈ এই ছবিখন জনসাধাৰণৰ মাজলৈ অনাৰ কথা ব্যক্ত কৰে অনুভৱ সিনহাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform