Rupaliparda.com
"দিল বেছাৰা" ক লৈ অভিনেতা নৱাজুদ্দিন চিড্ডিকীৰ বিশেষ আৱেদনঃ 1

“দিল বেছাৰা” ক লৈ অভিনেতা নৱাজুদ্দিন চিড্ডিকীৰ বিশেষ আৱেদনঃ

বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ অভিনয় জীৱনৰ শেষৰখন ছবি “দিল বেছাৰা” ক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। ডিজনী+হটষ্টাৰত ছবিখন মুক্তি পোৱা কেইঘণ্টা মান পিছতেই ছবিখনে অনুৰাগীৰ সমাদৰ লাভ কৰাৰ উপৰিও ই সকলোকে আৱেগিকো কৰি তোলে। অভিনেতা গৰাকীৰ প্ৰতি গৰাকী অনুৰাগীয়ে তেওঁৰ অভিনয়ৰ প্ৰশংসা কৰাৰ মাজতেই অভিনেতা নৱাজুদ্দিন চিড্ডিকীয়ে চলচিত্ৰ সমালোচকলৈ এক আৱেদন জনায়।

"দিল বেছাৰা" ক লৈ অভিনেতা নৱাজুদ্দিন চিড্ডিকীৰ বিশেষ আৱেদনঃ 2

তেওঁ টুইটযোগে কয় যে, “মই প্ৰত্যেকগৰাকী ছবি সমালোচকক অনুৰোধ জনাইছো যে তেওঁলোকে যাতে ছবিখনৰ দ্বাৰা সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লগতে আহক আমি একেলগে ইয়াক উদযাপন কৰো।” নবাৱৰ এই টুইটটোক যথেষ্ট সঁহাৰি জনোৱাৰ উপৰিও চচিয়েল মিডিয়াত থকা অভিনেতাগৰাকীৰ ফল’ৱাৰ্চ বোৰে টুইটটোক শ্বেয়াৰ কৰে। ইয়াৰ উপৰিও, নৱাবজুদ্দিন চিড্ডিকীয়ে বহু দিন আগৰ পৰাই “দিল বেছাৰা” ছবিখনৰ প্ৰচাৰৰ সৈতে জড়িত হৈ আছিল।


“দিল বেছাৰা” ছবিখনত সুশান্তৰ বিপৰীতে সঞ্জনা সাংঘিক দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে ছবিখনত কিছু সময়ৰ বাবে ছেইফ আলি খানকো দেখা পোৱা গৈছিল। আনহাতে, নৱাজুদ্দিন চিড্ডিকীক আগন্তুক সময়ত “ৰাত অকেলী হে” ত দেখিবলৈ পোৱা যাব; ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিব ৰাধিকা আপটে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.