বৰ্তমান অসমৰ পৰিস্থিতিৰ বিষয়ে পাৰ্যমানে দেশৰ ভিন্ন ঠাইৰ জনসাধাৰণৰ সৈতে মুখা-মুখি কৰোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে অসমীয়া অভিনেতা-অভিনেত্ৰীয়ে। বৰষা ৰাণী বিষয়াই য’ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰোৱায়, তাতেই আকৌ অভিনেত্ৰী আইমী বৰুৱা কাষ চাপে বানপীড়িতৰ সহায়ৰ বাবে। ৰাজ্যৰ এনে দূৰৱস্থাৰ সময়ত দুই অভিনেত্ৰী ক্ৰমে আইমী বৰুৱা আৰু বৰষা ৰাণীয়ে অসহায় জনক কৰা এনে সহায়ে এতিয়া উৎসাহিত কৰে সকলোকে। জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা নিজ অভিনয়ৰ বাবে বহুল ৰূপত প্ৰশংসা লাভ কৰে যদিও তেওঁক প্ৰায়ে চচিয়েল মিডিয়াত ট্ৰোল কৰাও দেখিবলৈ পোৱা যায়। বিগত দিনত “কা” বিৰোধী আন্দোলনত অংশ নোলোৱাৰ ফলত তেওঁক বিভিন্ন জনে চচিয়েল মিডিয়াত কটু বাক্য শুনাইছিল লগতে কিছু দিন পূৰ্বে অনুষ্ঠিত ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত আইমীয়ে বিকৃত বিহু নচা বুলি কৈয়ো তেওঁক বহুলোকে ট্ৰোল কৰে।


উল্লেখ্য যে, “বিধাতা” ধাৰাবাহিকখনৰ সমাপ্তিৰ পিছত কেইবাটাও মিউজিক ভিডিঅ’ত দেখিবলৈ পোৱা আইমী বৰুৱাক আগন্তুক দিনত অসমীয়া ছবি “যাযাবৰ” আৰু “অন্বেষণ” ত দেখিবলৈ পোৱা যাব। , “যৌৱনে আমনি কৰে” ছবিখনৰ পৰা অভিনয় জীৱনত খোজ পেলোৱা বৰষা ৰাণী বৰ্তমান পৰ্যন্ত অসমীয়া ছবি ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম। বিগত বছৰত মুক্তিপ্ৰাপ্ত “ৰঘুপতি” ৰ সফলতাৰ পিছত এইগৰাকী অভিনেত্ৰীক “কা” বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছিল।
Add comment