Rupaliparda.com
বানপীড়িতক সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে "Team Olacrazy"- 1

বানপীড়িতক সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে “Team Olacrazy”-

প্ৰতিটো বছৰৰ দৰে এইবছৰো ৰাজ্যৰ অধিকাংশ জনসাধাৰণ ভূক্তভোগী হৈ আছে বানসমস্যাটোক লৈ। তেওঁলোকৰ প্ৰাপ্তিতকৈ অধিকাংশ বস্তুই হেৰুৱাইছে তেওঁলোকে; আশ্ৰয় শিবিৰ বোৰটো যদি কোনোৱে খাবলৈ পোৱা নাই আনহাতে কোনোৱে অকণমান ঠাই পোৱা নাই আশ্ৰয় ল’বলৈ। কান্দোনৰ ৰোলৰ মাজতে তেওঁলোকে হেৰুৱাব লগা হৈছে নিজ জীৱিকাৰ থল। এনেবোৰ দুখলগা পৰিস্থিতিৰ মাজতেই অসমীয়া ভিন্ন জন শিল্পী, কলা-কুশলীয়ে বৰ্তমান চেষ্টা কৰিছে বানপীড়িত সকলক সহায় কৰাৰ। ক’ৰোণা মহামাৰীয়ে দিয়া মাধমাৰৰ পিছতেই ৰাজ্যত হোৱা বান সমস্যাই যেন কেওঁদিশে হাঁহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে অসমীয়া জনপ্ৰিয় ইউটিউবাৰ কেইজনক এক ন-প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে। ডিম্পু বৰুৱা, ভূষণ পাঠক আদিৰ সমান্তৰালকৈ এটা জনপ্ৰিয় কমেডী ইউটিউব চেনেল “Team Olacrazy” য়ে বানপীড়িত সকলক সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিছে। এই জনপ্ৰিয় কমেডী ইউটিউব চেনেলটোৰ সৈতে জড়িত সদস্য সকলৰ এনে পদক্ষেপে আকৌ এবাৰ জনসাধাৰণক আপ্লুত কৰিবলৈ সক্ষম হৈছে।

বানপীড়িতক সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে "Team Olacrazy"- 2


উক্ত ইউটিউব চেনেলটোৰ স্বত্বাধিকাৰী ক্ৰমে নিপু আহমেদ, ৰূপজ্যােতি মহন্ত, হৃষীকেশ শৰ্মা আৰু ধৃতিমানে চেনেলটোৰ যোগেৰে লাইভ আহি মুঠ ২২ হাজাৰ ৩৭০ টকা গোটাবলৈ সক্ষম হয় আৰু তেওঁলোকৰ ফালৰ পৰা ৭ হাজাৰ ৬৩০ টকা যোগ কৰি মুঠ ৩০ হাজাৰ টকাৰ সাহাৰ্য্য আগবঢ়াবলৈ সাজু হৈছে বৰ্তমান “Team Olacrazy”। এই কমেডী চেনেলটোৱে দীৰ্ঘদিনৰ পৰাই বিভিন্ন কমেডী ভিডিঅ’ শ্বেয়াৰ কৰি জনসাধাৰণক হহুঁৱাই ৰাখিছিল। সমাজৰ কিছু তথাকথিত নিয়ম-নীতি আদিকো হাস্যৰসিক ভাৱে প্ৰস্তুত কৰি এওঁলোকে উপস্থাপন কৰে জনসাধাৰণৰ সমুখত। বৰ্তমান সময়ৰ বাবে ই অৱশ্যে এক ভাল কথা।


কিয়নো, সচেতন সৰ্বসাধাৰণ ৰাইজৰ লগতে অসমীয়া শিল্পী আৰু বিভিন্ন জনপ্ৰিয় ইউটিউবাৰৰ এনে প্ৰচেষ্টাই বানপীড়িত সকলৰ কিছু পৰিমাণে হ’লেও দুখ, কষ্ট আদিবোৰ লাঘৱ কৰিবলৈ সক্ষম হৈছে। জনসাধাৰণে তেওঁলোকক যঁচা মৰমবোৰক যেন তেওঁলোকেও শ্ৰদ্ধাৰে সাৱটি তাৰ প্ৰতিদান দিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform