অসমৰ থলুৱা গীত-মাত, নৃত্য সমূহক লৈ প্ৰায়ে একোজন যুৱপ্ৰজন্মই ন-ন প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা যায়। আচলতে, সংস্কৃতিটো ধৰি ৰখা ক্ষেত্ৰত যেতিয়া যুৱপ্ৰজন্মৰ আগ্ৰহক দেখা যায় তেতিয়া তাতকৈ অধিক একোজন অসমীয়াৰ বাবে ভাল লগা আৰু একোৱে হ’ব নোৱাৰে। আমাৰ প্ৰত্যেকেৰেই থলুৱা গীত সমূহৰ প্ৰতি এক বিশেষ টান আছে; সেইবাবেই হয়টো কোনো নৱপ্ৰজন্মৰ মুখত ইয়াক শুনিবলৈ পালে আমি আৰু অধিক উৎসাহী হৈ পৰো। শেহতীয়াকৈ যোৰহাট নিবাসী পল্লৱ জ্যোতি দত্তৰ এটি ভিডিঅ’ ভাইৰেল হৈ পৰিছিল; ভিডিঅ’টোক শ্বেয়াৰ কৰাৰ লগতে শিল্পী গৰাকীৰ কন্ঠৰ প্ৰশংসাও কৰিছিল ভিন্ন জনে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে যেতিয়া পল্লৱক থলুৱা গীতৰ প্ৰতি থকা আগ্ৰহ আৰু তেওঁ ইয়াৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “সৰুৰ পৰাই মই ভাওঁনাৰ সৈতে জড়িত আছিলো, ভাওঁনা যেতিয়াই হয় তেতিয়াই মই ভাওঁনাৰ এযোৰ কাপোৰ পিন্ধি ওলাই যাওঁ; তেতিয়াৰ পৰাই আচলতে মোৰ দিহা নাম, ভাওঁনাৰ সংগীত লগতে লোকগীত খিনিৰ ওপৰ ধাউতিটো বৰ বেছিকৈ বাঢ়িবলৈ লৈছিলে। তেনেকৈয়ে মই দিহা নাম, লোকসংগীত আদি ঠাইয়ে ঠাইয়ে পৰিৱেশন কৰিবলৈ ল’লো। মোৰ পৰিয়ালত সংগীতৰ সৈতে জড়িত কোনো অইন ব্যক্তি নাই, একমাত্ৰ মোৰ ককা আছিল “বায়ন”; তেওঁৰ বাহিৰে আৰু কোনো নাই ।
মই নাগাৰা আৰু ঢোলক এটা আনি ঘৰতেই বজাবলৈ ধৰিছিলো। তাৰ পিছলৈ মই ভাবিলো যে লোকসংগীতৰ ওপৰত আৰু অধিক গুৰুত্ব দিয়াৰ লগতে শিকাৰ দৰকাৰ। গতিকে মই ৰামেশ্বৰ পাঠক দেৱৰ গীত সমূহৰ কাষ চাপিলো আৰু তাতেই মই কামৰূপীয়া লগতে নলবৰীয়া কোছ ৰাজবংশীয়া লোকগীত খিনি শিকিলো আৰু লগে লগে ইয়াৰ ওপৰত যিমান দূৰলৈ পাৰো চৰ্চা কৰিলো। পাঠক দেৱৰ তাত চৰ্চা কৰাৰ উপৰিও মই নিজাকৈ চৰ্চা কৰিবলৈ ঘৰৰ সন্মুখতে এটা চাং ঘৰ পাতি লৈছিলো। এই চাং ঘৰতেই বহি মই আৰু মোৰ খুৰাৰ ল’ৰাটোৱে লগ হৈ যিমান পাৰো গীতসমূহৰ চৰ্চা কৰি থাকো। সমান্তৰালকৈ, মই “বাউল” গীতবোৰো শিকি আছো; এজন দাদাই মোক এই বিষয়ত প্ৰশিক্ষণ দি আছে। “একতাৰ” অৰ্থাৎ অসমীয়াত যিখন লাওটোকাৰী বুলি কয় সেইখন বজাইয়ে মই গীত খিনি গাই শ্ৰোতাৰ মাজলৈ নিয়া চেষ্টা কৰি আছো।”
তেওঁক যেতিয়া সোধা হৈছিল যে আজিৰ নৱপ্ৰজন্মই প্ৰায় প্ৰাধান্য দিয়ে আধুনিক অথবা কিছু ৰোমান্টিক ধৰ্মী গীতৰ ওপৰত; গতিকে তেনেক্ষেত্ৰত এটা লোকসংগীতে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব? এই ক্ষেত্ৰত পল্লৱে কৈছিল যে, “এতিয়া চাওঁক, মই পাৰ্থক্য বৰ বেছি পাৰ্থক্য উলিয়াই ক’বলৈ বিচৰা নাই যদিও আধুনিক গীত এটা লোকগীত এটাতকৈ ঘপককৈ গাই দিব পাৰি কিন্তু লোকগীত এটা গাবলৈ অকণমান চৰ্চা কৰাৰ প্ৰয়োজন। প্ৰতিমা বৰুৱা পাণ্ডে, জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী আদিৰ কন্ঠৰে মুক্তিপোৱা এই লোকগীত সমূহক জনসাধাৰণে অধিক প্ৰাধান্য দিয়া দেখিবলৈ পোৱা গৈছিল।
মোৰ মতে, এই লোকসংগীত বা পূৰণি যিসমূহ থলুৱা গীতৰ ধাৰা এইবোৰ আমিয়ে ধৰি ৰাখিব লাগিব; আমি ইয়াক উত্তৰপ্ৰজন্মৰ বাবে ৰাখি তেওঁলোককো ইয়াৰ বিষয়ে বুজাব লাগিব যেনেকৈ আমি বৰ্তমান ৰামেশ্বৰ পাঠক দেৱ লগতে আন ভিন্ন জন গুণী-জ্ঞানী শিল্পীৰ পৰা শিকি আছো। এক কথাত ক’বলৈ গ’লে বৰ্তমানলৈ মই যিখিনি গাই শুনাইছো শ্ৰোতাক, তেওঁলোকেটো ভালেই পাইছে আৰু মোক যথেষ্ট সঁহাৰিও জনাইছে। গতিকে মোৰ বিশ্বাস যে তেওঁলোকে আগলৈও লোকগীতক প্ৰাধান্য দিব।”
Add comment