Rupaliparda.com
জাতি,মাতি নেৰিবলৈ আহ্বান জুবিন গাৰ্গকঃ প্ৰত্যুত্তৰত দিলে শিল্পী গৰাকীয়েও "আশ্বাস"- 1

জাতি,মাতি নেৰিবলৈ আহ্বান জুবিন গাৰ্গকঃ প্ৰত্যুত্তৰত দিলে শিল্পী গৰাকীয়েও “আশ্বাস”-

শেহতীয়াকৈ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এখন ফটো ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। বিভিন্ন জনে শিল্পী গৰাকীক ফটোখনৰ ভিত্তিত প্ৰশ্ন কৰাৰ লগতে সমালোচনা কৰাও আৰম্ভ কৰিছিল; ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ কৰিবলৈ যোৱা অৱস্থাত এই ফটোখন লোৱা হৈছিল আৰু তেওঁৰ সৈতে ফটোখনত আছিল তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গো। বিতৰ্কিত “কা” বিৰোধী আইনৰ বিৰোধিতাত বিগত দিনত জুবিন গাৰ্গে বিভিন্ন ধৰণে আন্দোলন অব্যাহত ৰাখিছিল; গতিকে এনেক্ষেত্ৰত কন্ঠশিল্পী গৰাকী মূখ্যমন্ত্ৰী সোণোৱালৰ কাষ চপাত প্ৰত্যেকেই সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁক লৈ নানানটা প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰ জুবিনক ৰাজহুৱাকৈ দিবলৈ আৱেদন জনাইছিল তেওঁৰ অনুৰাগীয়ে। আজি এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ দিয়ে হাৰ্টথ্ৰৱ গৰাকীয়ে।

জাতি,মাতি নেৰিবলৈ আহ্বান জুবিন গাৰ্গকঃ প্ৰত্যুত্তৰত দিলে শিল্পী গৰাকীয়েও "আশ্বাস"- 2


এখন সংবাদ পত্ৰ যোগে এই আটাইবোৰ কথা খুলি কয় জুবিন গাৰ্গে। তেওঁ বহু দিনৰ পৰাই অসমৰ থলুৱা বস্তুবোৰ লৈ এক অৰ্থনৈতিক আন্দোলনৰ ইচ্ছা কৰিছিল আৰু সেইবাবেই তেওঁ মূখ্যমন্ত্ৰী গৰাকীক লগ কৰা বুলি ব্যক্ত কৰে। লগতে তেওঁ চৰকাৰৰ লগত বানপানী, ক’ভিডৰ বিষয়ক লৈও আলোচনা কৰা বুলি কয় আৰু জাতি, মাটি,ভেঁটিৰ বাবে যে শিল্পী গৰাকীয়ে সদায় আন্দোলন কৰি যাব তাক লৈও নিজ মত স্পষ্ট কৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.