Rupaliparda.com
V Six Motion নিবেদনেৰে আহিবলৈ সাজু হৈছে "উৰণ"- 1

V Six Motion নিবেদনেৰে আহিবলৈ সাজু হৈছে “উৰণ”-

Airdrop 2.0 নামে কিছুদিন পূৰ্বে মুক্তি লাভ কৰা এখন চুটি ছবিখন নিশ্চয় আপোলোকৰ মনত আছে? চুটি ছবিখনৰ সৈতে জড়িত যুৱক-যুৱতী সকলৰ প্ৰতিভাৰে দৰ্শকৰ মাজলৈ আহি আছে আন কেইবাখনো চুটি ছবি। V Six Motion ৰ নিবেদনত আগষ্ট মাহৰ প্ৰথমভাগতেই আহিবলৈ সাজু হৈছে এখন চুটি ছবি “উৰণ”। দেশত ক’ৰোণা ভাইৰাছৰ ফলত বৰ্তি থকা ত্ৰাসৰ মাজতেই বৰ্তমান যুৱপ্ৰজন্মৰ প্ৰয়াসে আপ্লুত কৰিছে দৰ্শকক। ভিন্ন কাহিনী, ভিন্ন বিষয়বস্তু লগতে কেইবাটাও পৰীক্ষামূলক প্ৰকল্পৰে আগবঢ়া এই প্ৰতিভাৱান যুৱপ্ৰজন্মই “লক-ডাউন” ৰ এনে স্তব্ধতাৰ সময়কণক যেন সুন্দৰকৈ গ্ৰহণ কৰি আগবাঢ়ি আহিছে। বিগত মাৰ্চ মাহৰ পৰা দেশত বৰ্তি থকা “লক-ডাউন” য়ে বহু জনসাধাৰণৰ বাবে বেয়া পৰিস্থিতিৰ সন্মুখীন কৰোৱাইছে কিন্তু কিছু ক্ষেত্ৰত একাংশ জনসাধাৰণে এই সময়তে নিজ প্ৰতিভাৰ ব্যৱহাৰ কৰি বিভিন্নতা ন-সৃষ্টিৰ সুবিধাও অৰ্জন কৰিছে। “লক-ডাউন” ৰ কোনো ধৰণৰ নীতি-নিয়মৰ উলংঘা নকৰাকৈ নিৰ্মাণ কৰা একোটা প্ৰকল্প সঁচাকৈ লেখত ল’বলগীয়া। প্ৰেম,বিষাদ, হতাশা আদিৰ উপৰিও আন কেইবাটাও ভিন্ন বিষয়বস্তুৰ সৈতে নিৰ্মাণ কৰি উলিওৱা এই চুটি ছবি সমূহক লৈ উৎসাহিত দৰ্শকো।

V Six Motion নিবেদনেৰে আহিবলৈ সাজু হৈছে "উৰণ"- 2


V Six Motion ৰ নিবেদনত আহিবলগীয়া “উৰণ” ত ভাতৃ-ভগ্নীৰ কথোপকথনেৰে তেওঁলোকৰ সম্পৰ্কৰ গাঢ়তাক উপস্থাপন কৰা হ’ব। অভিনৱ কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনী ধ্ৰুৱ জ্যোতি বৰ্মনৰ। ইয়াত সহঃ পৰিচালনা আয়ানজিৎ দেৱ শৰ্মাৰ।হাৰ্দিক কাশ্যপ আৰু যুগল শইকীয়াৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য ধৃতিমান বড়োৰ। আনহাতে, ইয়াত অভিনয় কৰিছে শুভ্ৰম ভট্টাচাৰ্য্য আৰু নিকিতা চৌধাৰীয়ে। “উৰণ” ৰ সম্পাদনা হাৰ্দিক কাশ্যপৰ।

V Six Motion নিবেদনেৰে আহিবলৈ সাজু হৈছে "উৰণ"- 3


উল্লেখ্য যে, আগন্তুক সময়ত উক্ত নৱপ্ৰজন্মৰ প্ৰয়াসেৰে নিৰ্মাণ কৰা হ’ব আন কেইবাখনো চুটি ছবি। RED SIGNAL শীৰ্ষক এখন চুটি ছবিৰ প্ৰস্তুতিৰ বাবেও ইতিমধ্যে সাজু হৈছে V Six Motion। মুঠতে,এক কথাত ক’বলৈ গ’লে আপুনি যদিও এই সময়ছোৱাত কোনো পূৰ্ণদৈৰ্ঘ্য অথবা বাণিজ্যিক ছবিৰ সোঁৱাদ লাভ কৰা নাই তথাপিও মনোৰঞ্জনৰ কিছু অংশক ভৰাই ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যুৱপ্ৰজন্মই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform