Rupaliparda.com
"মলয়া বাইদেউৰ সৈতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিবলৈ সুবিধা লাভ কৰি মই বৰ উৎসাহী হৈ পৰিছিলো"- প্ৰয়াস শৰ্মা তামুলী 1

“মলয়া বাইদেউৰ সৈতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিবলৈ সুবিধা লাভ কৰি মই বৰ উৎসাহী হৈ পৰিছিলো”- প্ৰয়াস শৰ্মা তামুলী

বৰ্তমান উজান উঠা এই চুটি ছবি সমূহৰ ভিতৰত অসমীয়া দৰ্শকে কেইবাগৰাকীও ন-ন প্ৰতিভাৰ বিষয়ে জানিবলৈ পাইছে। তেওঁলোকৰ প্ৰতিভাই প্ৰত্যেককে আপ্লুত কৰাৰ সমান্তৰালকৈ আগন্তুক সময়ত তেওঁলোকৰ ফালৰ পৰা আৰু অধিক প্ৰকল্প লাভ কৰাৰ বাবে বাট চাইছে এতিয়া সকলোৱে। শেহতীয়াকৈ “নিমিলা অংক” শীৰ্ষক এখন চুটি ছবিৰ চৰ্চা চলিছিল সৰ্বত্ৰে। চুটি ছবিখনৰ সৰল কাহিনীভাগক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ বাবে ইয়াক চাবলৈ উৎসাহিত হৈছিল দৰ্শক। ছবিখনৰ এটি চৰিত্ৰ ৰূপায়ন কৰিছিল প্ৰয়াস শৰ্মা তামুলীয়ে; তাৰ বিপৰীতে ছবিখনৰ আন এটি চৰিত্ৰত আছিল জনপ্ৰিয় অভিনেত্ৰী মলয়া গোস্বামী। মলয়া গোস্বামীৰ সৈতে চুটি ছবিখনত কাম কৰা প্ৰয়াসৰ অভিনয়কো নুই কৰিব পৰা হোৱা নাছিল। তেওঁৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে যেতিয়া তেওঁক মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা অন্তৰ্ভূক্ত হৈছিল বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “মই আচলতে ফটোগ্ৰাফী কৰো; ফটোগ্ৰাফী আৰম্ভ কৰা মোৰ ১০ বছৰ হৈ গ’ল। পেছাগত ভাৱে ফটোগ্ৰাফী কৰিছো বিগত ৮ বছৰৰ পৰাহে; মই যদি নিজৰ চিনাকী দিবলগীয়া হয় তেনেহ’লে এজন দৃশ্যগ্ৰহণকাৰী হিচাপে দিব লাগিব। গতিকে ইয়াৰ মাজত যেতিয়া অভিনয় কৰাৰ সুযোগ পাওঁ, মই কৰি গৈ থাকো। মই প্ৰথম অভিনয় কৰাও হয়টো ৭ বছৰ মান পাৰ হ’ল; তেনেকৈয়ে যদি ক’ৰ’বাত ভাল প্ৰকল্প এটাত মোক অভিনয়ৰ সুবিধা দিয়ে মই নকৰাকৈ নাথাকো।”

"মলয়া বাইদেউৰ সৈতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিবলৈ সুবিধা লাভ কৰি মই বৰ উৎসাহী হৈ পৰিছিলো"- প্ৰয়াস শৰ্মা তামুলী 2


অসমীয়া জনপ্ৰিয় আৰু সুদক্ষ এগৰাকী অভিনেত্ৰী মলয়া গোস্বামীৰ সৈতে অভিনয় কৰাৰ ক্ষেত্ৰত যেতিয়া প্ৰয়াসক প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “মলয়া বাইদেউৰ সৈতে এইটো মোৰ প্ৰথম প্ৰকল্প, তেওঁৰ সৈতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিবলৈ সুবিধা লাভ কৰি আচলতে মই বৰ উৎসাহী হৈ পৰিছিলো। তেখেত ছবিখনত থকা লগতে নিবিড় আকাশ বৰুৱাৰ দ্বাৰা পৰিচালক চুটি ছবি “নিমিলা অংক” ৰ কাহিনী ভাগো মনোগ্ৰাহী হোৱা বাবে মই অভিনয়ৰ বাবে উৎস্যুক হৈ পৰিছিলো। বাইদেউ এগৰাকী অসমীয়া জ্যেষ্ঠ অভিনেত্ৰী যদিও বহুত বেছি সহজ-সৰল। তেওঁক লগ পোৱা মোৰ সেই সময়কণ একেবাৰেই সুখৰ আৰু প্ৰেৰণাদায়ক। মানুহগৰাকী নিজৰ কামক লৈ যে ইমান বেছি উৎসৰ্গিত লগতে তেওঁ আমাক তেওঁৰ সৈতে এক পলকতে সাধাৰণ কৰি তুলিছিলে। অভিনয় কৰিবলৈ লওঁতে এই সাধাৰণ ভাৱ যিটো তেখেতে আমাক দিলে এইটো মোৰ জীৱনৰ বাবে আটাইতকৈ ডাঙৰ শিক্ষণ অভিজ্ঞতা আছিল। আৰু, তেখেতৰ কাম কৰাৰ যিটো স্পৃহা সেইটো ইমান ধনাত্মক যে দেখিলেই ভাল লাগে; তেখেতৰ সৈতে কাম কৰি আমি ভাল পোৱা বাবেই হয়টো দৰ্শকেও চুটি ছবিখন উপভোগ কৰোতে কোনো অসাধাৰণ কিবা এটা অনুভৱ কৰা নাই। মলয়া বাইদেউৰ লগতে অনিষা দত্তৰ সৈতেও অভিনয় কৰাৰ এয়া এক সুন্দৰ অভিজ্ঞতা মোৰ।”

"মলয়া বাইদেউৰ সৈতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিবলৈ সুবিধা লাভ কৰি মই বৰ উৎসাহী হৈ পৰিছিলো"- প্ৰয়াস শৰ্মা তামুলী 3


“নিমিলা অংক” ছবিখনে বৰ্তমান নৱপ্ৰজন্মৰ মানসিকতাৰ সৈতে জ্যেষ্ঠ জনৰ মানসিকতাৰ কিছু মিল-অমিলক উপস্থাপন কৰিছিল। কিছু সময়ত কথাৰ কটা-কটিৰ মাজতো যে দুই প্ৰজন্মৰ মনৰ কথাবোৰৰ কিছু মিল থাকে; যাক উপলদ্ধিৰ প্ৰয়োজন। উক্ত চুটি ছবিখনো ইয়াৰ এক বহিঃপ্ৰকাশ; ছবিখনত দুই নৱপ্ৰজন্মৰ সৈতে মলয়া গোস্বামীকো দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform