Rupaliparda.com
" এই আগন্তুক ২ টা বছৰলৈ মই এই মনোৰঞ্জন ক্ষেত্ৰৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিম"- অনন্যা দত্ত 1

” এই আগন্তুক ২ টা বছৰলৈ মই এই মনোৰঞ্জন ক্ষেত্ৰৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিম”- অনন্যা দত্ত

অলপতে, ডিজনী+হটষ্টাৰত এখন চুটি ছবিক মুকলি কৰি দিয়া হৈছিল। চুটি ছবিখনৰ মুকলি হোৱাৰ পিছতেই চচিয়েল মিডিয়াত খলকনি লগাইছে ই; প্ৰশংসা কৰা হৈছিল চুটি ছবিখনৰ বিষয়বস্তুৰ পৰা আৰম্ভ কৰি তাত অভিনীত অভিনেতা-অভিনেত্ৰীকো। চুটি ছবিখনৰ নাম হৈছে “Bread Butter”; ছবিখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল অসম জীয়ৰী অনন্যা দত্তই। শিৱসাগৰৰ নাজিৰাত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক চুটি ছবিখনৰ বিষয়ে সোধা হৈছিল তেতিয়া অনন্যাই কৈছিল যে, “চুটি ছবিখনত অভিনয় কৰিবলৈ মই একেবাৰেই প্ৰস্তুত নাছিলো; আচলতে এইখন চুটি ছবিত থকা আমি আটাইবোৰ আগৰে পৰাই বন্ধু-বান্ধৱী; দিল্লী বিশ্ববিদ্যালয়ৰ “ক্লাচমেটচ্” আছিলো। মোক যেতিয়া কোৱা হৈছিল যে, “তই অভিনয় কৰিব লাগিব”; তেতিয়ালৈটো মই একেবাৰে অপ্ৰস্তুত, কিয়নো মোৰ হিন্দী ভাষাৰ উচ্চাৰণত ইমান সাৱলীলতা নাই। তথাপিও পৰিচালক গৰাকী লগতে দৃশ্যগ্ৰহণ কাৰী আৰু মোৰ সৈতে আন এটা চৰিত্ৰত অভিনয় কৰা জন আগৰে পৰা বন্ধু আছিলো গতিকে মই পিছলৈ বৰ বেছি ওজৰ-আপত্তি ৰখা নাছিলো; ছবিখনত থকা সৰু ল’ৰাটোও পৰিচালক অনৱেশৰ ঘৰৰ কাষৰে আছিল গতিকে তাক লৈ আহি আমি হাৰিয়ানাৰ মোহালী বুলি ঠাই এডোখৰত ছবিখনৰ শ্বুটিং সম্পন্ন কৰিছিলো। তাতেই পৰিচালকজনৰ আন এজন বন্ধুৰ ঘৰ আছিলে; আমি তাতেই থাকি-মেলি ছবিখনৰ শ্বুটিং কৰিছিলো। সঁচা কথা ক’বলৈ গ’লে আমি আটাইবোৰ অনানুষ্ঠানিক ভাৱেই কামটোত জড়িত হৈছিলো; দুদিনৰ শ্বুটিং আছিল আৰু প্ৰায় ৰাতিয়ে কৰিছিলো।”


তেওঁ আগলৈ কয় যে, “আমি তেনেকৈ শ্বুটিং কৰি উভতি আহি কিছুদিন পিছলৈ পাহৰিয়ে থাকিলো কিয়নো সেইটো আমাৰ এম.এ ৰ শেষৰটো ষান্মাষিক পৰীক্ষাৰ সময় আছিল। গতিকে আমি আটাইবোৰ পৰীক্ষা পাতিক লৈ ব্যস্ত হৈ পৰিছিলো; চুটি ছবিখন ইউটিউব মুক্তি দিয়া হ’ল Kreative Krew ORIGINALS নামৰ এটা চেনেলৰ পৰা। চেনেলটোৰ সৈতে আচলতে আমাৰ পৰিচালক গৰাকী জড়িত হৈ পৰিছিলে গতিকে তাৰ পৰাই “Bread Butter” ক মুকলি কৰা হৈছিল। তাৰ পৰাই হয়টো তেওঁলোকে “হটষ্টাৰ” ৰ বাবে আৱেদন জনাইছিলে নেকি ছাগে! মই একেবাৰেই অৱগত নাছিলো এই বিষয়ক লৈ; কিছুদিন আগতহে মোক অনৱেশে মেছেজ কৰি কৈছিল যে আমাৰ চুটি ছবিখন হটষ্টাৰত উপলদ্ধ হৈছে। আমি যে ভাবিবই পৰা নাছিলো আৰু লগতে আচৰিতো হৈছিলো কিয়নো আমি একেবাৰেই আমাৰ কামটোক লৈ সন্তুষ্ট নাছিলো । ছবিখনৰ অভিনয়ে হওঁক বা তাত অন্তৰ্ভূক্ত সংগীতৰ দিশৰ পৰা হ’লেও ইয়াক আৰু অধিক উন্নত কৰিব পৰা গ’লহেঁতেন। আমাক অকণমান সময় দিয়া হ’লে ইয়াক হয়টো আৰু অধিক সুন্দৰকৈ উপস্থাপন কৰিব পৰা গ’লহেঁতেন; অভিনয় বা এনেবোৰ কথা আমাৰ পেচা নাছিলেই নহয়!

" এই আগন্তুক ২ টা বছৰলৈ মই এই মনোৰঞ্জন ক্ষেত্ৰৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিম"- অনন্যা দত্ত 2


অনন্যা দত্তক প্ৰশ্ন কৰা হৈছিল যে তেওঁ যদি আগলৈ আৰু এনেধৰণে অভিনয়ৰ সুবিধা লাভ কৰে তেনেহ’লে গ্ৰহণ কৰিব নে নাই? এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে “মই যেতিয়া গুৱাহাটীত আছিলো ২০১০ ৰ ১৬ লৈ তেতিয়া তাত মই সক্ৰিয়ভাৱে সংগীতৰ সৈতে জড়িত আছিলো। মোৰ কন্ঠৰে এলবাম এটাও মুক্তি লাভ কৰিছিল লগতে মই শেহতীয়াকৈ মুক্তি পোৱা অসমীয়া ছবি “প্ৰতিঘাত” ৰো শীৰ্ষ গীতটিতো কন্ঠদান কৰিছো; কিন্তু এই আগন্তুক ২ টা বছৰলৈ মই এই মনোৰঞ্জন ক্ষেত্ৰৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিম কিয়নো মই চিভিল চাৰ্ভিচৰ বাবে প্ৰস্তুতি চলাই আছো। ইয়াৰ পিছতো যদি ক’ৰবাৰ কেতিয়াবা সুবিধা পাওঁ তেতিয়া নিশ্চয় মই সুবিধা গ্ৰহণ কৰিম আৰু ইয়াৰ উপৰিও মোৰ লোকসংস্কৃতি সমূহক লৈ কাম কৰিব মন আছে গোটেই ভাৰতবৰ্ষত। লোকসংস্কৃতিৰ লগতে নাট্য-শাস্ত্ৰৰ ওপৰতো মোৰ কাম কৰাৰ যথেষ্ট ইচ্ছা আছে।”

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform