যোৱাকালি অসমৰ নাট্য জগতৰ ভোটাতৰা স্বৰূপ, অসমৰ সাংস্কৃতিক জগতত নিজৰ কৰ্মৰাজীৰে পোহৰ বিলাই যোৱা নটসূৰ্য্য ফণী শৰ্মাৰ ৫০তম মৃত্যুতিথি আছিল ৷ অসমৰ অন্যান্য প্ৰান্তৰ লগতে তেখেতৰ জন্মভূমি তেজপুৰতো তেখেতৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰ্ঘ জনোৱা হয় ৷ বছৰধৰি এলাগী হৈ থকা তেখেতৰ সমাধি স্থলীত প্ৰতি বছৰৰ দৰে এই বিশেষ দিনটোত ৰাইজৰ পাৰভঙা উচ্ছাস দেখা গ’লঃ উদ্দেশ্য একাঁজলি শ্ৰদ্ধাৰ্ঘ অৰ্পন ৷ প্ৰতি বৰ্ষৰ দৰে বছৰ বছৰ ধৰি এলাগি হৈ থকা তেখেতৰ সমাধিস্থলী ; য’ত মদৰ বটলৰ পৰা আদি কৰি পণ্য সামগ্ৰী পেলোৱা ডাষ্টবিন হৈ থাকে সেয়া তথাকথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে নিশাটোৰ ভিতৰতে চাফ-চিকুণ হৈ পৰিছিল।
আজি ১ আগষ্ট। আকৌ এবছৰলৈ এনেদৰেই এলাগি হৈ ৰ’ব তেখেতৰ সমাধি। অকল নটসূৰ্য্যই নহয়; অসমৰ দুই চাৰিজন শিল্পীৰ বাদে সকলোৰে এয়াই দশা। ক’লে আচহুৱা যেন লাগিলেও; নটসূৰ্য্য হওঁক বা কলাগুৰু, ৰূপকোঁৱৰ, সাহিত্যৰথী এওঁলোকে ছাগে ভৱিষ্যত চাব জানিছিল। তেতিয়াৰ শিল্পী আৰু আজিৰ শিল্পীৰ মাজত আকাশ-পাতাল প্ৰভেদ দেখা যায়। নটসূৰ্য্যই “কলাবজাৰ” নাটকত মহাদেৱৰ চৰিত্ৰটোৱে যেনেদৰে দিব্য চক্ষুৰে অসমৰ চুক-কোণবোৰ বিচাৰি চাইও অসমীয়া বিচাৰি পোৱা নাছিল; পাইছিল মাথো বহিৰাগত। আজিও ঠিক তেনেই এক অৱস্থা…
“কিয়” নাটকত চিঞৰি চিঞৰি প্ৰদীপৰ চৰিত্ৰই কৈছিল, “লৈ আহ মা-মণি, চাৰি অনাও মূল্য নথকা দোকানীয়ে কুকুৰ লগাই দিয়া লেখকৰ লেখনীসোপা বাকচৰ পৰা লৈ আহ জ্বলাই দিওঁ।” আজি ঠিক সেয়ে অৱস্থা হৈছে শিল্পী জনৰ। যিগৰাকীয়ে “চিৰাজ” চৰিত্ৰ লৈ হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ এটা উজ্জ্বল চানেকী দাঙি ধৰিছিল; যিগৰাকী অসমীয়া বোলছবি জগতৰ মূলশিপা ডালৰ এটা ঘাই অংশ আছিল, যিয়ে অসমত নাট্য আন্দোলনৰ দ্বাৰা সমাজ সংস্কাৰ তথা অন্ধবিশ্বাসৰ আগ্ৰাসনৰ পৰা জাতিটোক মুক্ত কৰি জাতীয় চেতনাৰে উদ্ধৃত কৰিব খুজিছিল আজি তেখেতেই এইখন বৰ অসমত এলাগি। মনত পৰে তেখেতলৈ অকল তেখেতৰ মৃত্যু তিথিত। এডাল মালা পিন্ধাবলৈ আৰু একাঁজলি শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিশ্ৰুতিৰ বৰকাঁহ খন বজাবলৈ সকলোৱে হেঁতা-ওপৰা কৰে উক্ত দিনটোত।
অৱশ্যে মই এইটো নকওঁ যে কেৱল তেখেতৰ সমাধি বনালেই সকলো সমস্যাৰ সমাধান হব ৷ আজিৰ নৱপ্ৰজন্মৰ মাজত তেখেতৰ দৰে লোকসকলক লৈ আলোচনা খুউব কম দেখা যায় ৷ আমি তেওঁলোকৰ সৃষ্টিৰাজিৰ মহত্ত্ব উদ্দেশ্য বুজিব পাৰিব লাগিব ৷ যেতিয়ালৈকে আমি সেই মহান পুৰুধা ব্যক্তি সকলৰ গীত মাত কথা, নাটক ইত্যাদি চাই ক্ষন্তেকীয়া আৱেগ প্ৰদৰ্শন কৰি থাকিম, নাটক এখন চাই হাত চাপৰি দুইচাপৰ মাৰি প্ৰেক্ষাগৃহৰ পৰা উলাই নাটকখনে দিয়া শিক্ষাটো পাহৰি থাকিম, তেতিয়ালৈ সকলো একেই থাকিব। আমি তেখেতলোকৰ লিখনিৰ কৰ্মৰ কথাবোৰ হৃদয়ংগম কৰি, সমাজৰ উত্তৰণৰ বাবে, জাতীয় চেতনাৰ হকে কাম কৰি,অন্ধবিশ্বাস, হিংসা আদি মনৰ পৰা নিৰ্মূল কৰিব লাগিব। সেই “কিয়” নাটকত প্ৰদীপৰ চৰিত্ৰই কৰি যোৱা হাজাৰ কিয় ৰ উত্তৰ আমি দিব পাৰিব লাগিব; তেতিয়াহে তেওঁলোকৰ দৰে মহান মনীষী সকলৰ কৰ্মই সঁচা সাৰ্থকতা লাভ কৰিব।
BY: NABAJIT SARMA
Add comment