Rupaliparda.com
কিয় বিহাৰ পুলিচক সহায় কৰা নাই মুম্বাই আৰক্ষী চকীয়ে? কি ইয়াৰ অন্তৰ্নিহিত কাৰণঃ 1

কিয় বিহাৰ পুলিচক সহায় কৰা নাই মুম্বাই আৰক্ষী চকীয়ে? কি ইয়াৰ অন্তৰ্নিহিত কাৰণঃ

কোন ক’ত কেনেকৈ আৰু কি দৰে কাৰ সৈতে জড়িত হৈছে এই কথাবোৰ এতিয়া অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয়টোত জড়িত হৈ পৰিছে। তেওঁৰ অনুৰাগীয়ে প্ৰতিটো বস্তুৰ খবৰ ভাইৰেল কৰিছে চচিয়েল মিডিয়াত। মুম্বাই পুলিচৰ তদন্তত প্ৰশ্ন উঠাইয়ে অভিনেতা গৰাকীৰ পিতৃ কে কে সিঙে এজাহাৰ দাখিল কৰে বিহাৰ আৰক্ষী চকীত আৰু সুশান্তৰ সংস্পৰ্শত থকা প্ৰতিগৰাকী ব্যক্তিৰ সোধ-পোছৰ বাবে বৰ্তমান বিহাৰ পুলিচ উপস্থিত হৈছে মায়ানগৰীত। বিহাৰ আৰক্ষীয়ে কেতবোৰ ন-ন তথ্যৰ যোগান ধৰাত মুম্বাই পুলিচৰ ওপৰত আৰু অধিক প্ৰশ্নৰ উত্থাপন হৈছে।

কিয় বিহাৰ পুলিচক সহায় কৰা নাই মুম্বাই আৰক্ষী চকীয়ে? কি ইয়াৰ অন্তৰ্নিহিত কাৰণঃ 2

এইখিনিতে উল্লেখ্য যে, বিহাৰ পুলিচক কিন্তু কোনো ক্ষেত্ৰতেই সহায় আগবঢ়োৱা নাই বৰ্তমান মুম্বাই পুলিচে। ফলত, বিভিন্ন ঠাইত কৰিবলগীয়া হোৱা সোধ-পোছৰ বাবে তেওঁলোকে অটো’ৰ ব্যৱহাৰ কৰি ঘূৰি ফুৰিবলগীয়া হৈছে। এই কথাটোক লৈ পুনৰ বাৰ তৎপৰ হৈ পৰিছে সুশান্তৰ অনুৰাগী আৰু মুম্বাই আৰক্ষীৰ ওপৰত আৰোপ লগোৱা দেখিবলৈ পোৱা গৈছে এতিয়া চচিয়েল মিডিয়াত।

কিয় বিহাৰ পুলিচক সহায় কৰা নাই মুম্বাই আৰক্ষী চকীয়ে? কি ইয়াৰ অন্তৰ্নিহিত কাৰণঃ 3


আনহাতে,চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থকা অভিনেতা গৰাকীৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে “সত্যমেৱ জয়তে” শীৰ্ষক এটি পোষ্ট কৰি অংকিতা লোখণ্ডেকো টেগ কৰে। ইতিমধ্যে সুশান্তৰ পূৰ্ব প্ৰেয়সী অংকিতাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উপস্থিত হৈ সুশান্তক লৈ বিভিন্ন কথা খুলি কয় আৰু অভিনেতা গৰাকী যে কেতিয়াও “হতাশগ্ৰস্ত” হৈ আত্মহত্যা কৰিব নোৱাৰে সেই কথাকো একাষাৰে স্পষ্ট কৰে অভিনেত্ৰী গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.