Rupaliparda.com
অনলাইন প্লেটফৰ্মত উপলদ্ধ অসমীয়া ছবি "এই মাটিতে"- 1

অনলাইন প্লেটফৰ্মত উপলদ্ধ অসমীয়া ছবি “এই মাটিতে”-

বৰ্তমান অধিকাংশ ছবিক মুকলি কৰি দিয়া হৈছে অনলাইন যোগে। মুঠতে, এটাই প্ৰচেষ্টা যাতে দৰ্শকৰ এনে আমনি দায়ক অথবা স্তব্ধতাৰ মাজত কোনো কাৰণতেই যেন মনোৰঞ্জন বন্ধ হৈ নপৰে তাৰেই যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখা হৈছে। অসমীয়া কিছু সময় পূৰ্বে মুকলি পোৱা ছবিসমূহকো এতিয়া উপলদ্ধ কৰা হৈছে অনলাইন প্লেটফৰ্মত। ডাইনী হত্যাৰ দৰে এক গুৰু-গম্ভীৰ বিষয়ক লৈ ২০১৭ চনত মুক্তিপ্ৰাপ্ত ছবি “এই মাটিতে” ক বৰ্তমান অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকৰ বাবে উপলদ্ধ কৰা হৈছে FESI ONLINE FILM FESTIVAL ৰ জৰিয়তে।

সমাজৰ জটিল সমস্যা ৰূপে পৰিগণিত “ডাইনী” হত্যাই বিভিন্ন জন অসহায় লোকক কষ্ট দিয়াৰ উপৰিও একাংশই এই অন্ধবিশ্বাসক অস্ত্ৰ ৰূপে গ্ৰহণ কৰি ব্যক্তিগত স্বাৰ্থ পূৰণতো ব্যৱহাৰ কৰিছিল। আমাৰ সমাজত বিভিন্ন জন শিক্ষিত লোকৰ আৱিৰ্ভাৱ হৈছে যদিও এই বিষয় সমূহৰ সাম কটোৱাবলৈ বিচৰাত তেওঁলোকেও বহু সময়ত অগ্নি পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে কিছু ঘটনা-পৰিঘটনাক লৈয়ে নিৰ্মাণ কৰা হৈছিল “এই মাটিতে”।

অনলাইন প্লেটফৰ্মত উপলদ্ধ অসমীয়া ছবি "এই মাটিতে"- 2


ছবিখনৰ অনলাইন উপলদ্ধতাৰ বিষয়ে জানিবলৈ পাই দৰ্শক উৎসাহিত হৈ পৰাও দেখিবলৈ পোৱা গৈছে। ড° সীতানাথ লহকৰৰ কাহিনী, পৰিচালনা, সংলাপ, চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল ৰূপম চেতিয়া, সীতানাথ লহকৰ, শশাংক সমীৰ আৰু মনীষা গোস্বামীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform