Rupaliparda.com
বাসগৃহত অনুপস্থিত, ফোনতো নাই হোৱা সংযোগঃ আছে ক'ত ৰিয়া চক্ৰৱৰ্তী?? 1

বাসগৃহত অনুপস্থিত, ফোনতো নাই হোৱা সংযোগঃ আছে ক’ত ৰিয়া চক্ৰৱৰ্তী??

সুশান্ত সিং ৰাজপুতৰ মৃত্যুতকৈ অধিক খলকনি লগাইছে তেওঁৰ মৃত্যুৰ সৈতে জড়িত বিষয় সমূহে। বিহাৰ পুলিচৰ হাতত অভিনেতা গৰাকীৰ কেছ দিয়া পিছতেই বিহাৰ পুলিচে কেছটোৰ তদন্ত কৰিবলৈ মুম্বাইত উপস্থিত হৈছে। উপস্থিত হৈয়ে তেওঁলোকে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ ভাতৃ সৌভিকৰ সৈতে সম্পৰ্ক কৰিবলৈ বিচাৰে যদিও এয়া সম্ভৱ হৈ উঠা নাই; তেওঁলোকক নিজ বাসগৃহতো বিচাৰি পোৱা নাই বিহাৰ আৰক্ষীয়ে।

বাসগৃহত অনুপস্থিত, ফোনতো নাই হোৱা সংযোগঃ আছে ক'ত ৰিয়া চক্ৰৱৰ্তী?? 2

ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি এগৰাকী গৈ উপস্থিত হৈ অভিনেত্ৰী গৰাকীৰ ঘৰৰ বাহিৰত; আৰু জানিব পৰা মতে ৰিয়াৰ লগতে তেওঁৰ ভাতৃয়েও ফোনৰ কোনোধৰণৰ উত্তৰ নাই দিয়া। ইয়াৰ উপৰিও, সৌভিকক প্ৰতিনিধি গৰাকীয়ে বাটচআপৰ দ্বাৰা সংযোগ স্থাপন কৰিব বিচৰাতো কোনো ধৰণৰ উত্তৰ তেওঁলোকৰ ফালৰ পৰা অহা নাই। আৰু, এনেদৰেই বিহাৰ আৰক্ষীইও অভিনেত্ৰী গৰাকীক সম্পৰ্ক কৰিবলৈ বিচাৰিছে যদিও প্ৰত্যেকবাৰ বিফল হৈছে। উল্লেখ্য যে, এইবাৰ আকৌ ৰিয়াই নিজেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজলৈ আহি নিজৰ স্পষ্টীকৰণ দাঙি ধৰে।

বাসগৃহত অনুপস্থিত, ফোনতো নাই হোৱা সংযোগঃ আছে ক'ত ৰিয়া চক্ৰৱৰ্তী?? 3


সুশান্ত সিং ৰাজপুতৰ বিষয়ক লৈ উঠা এনেবোৰ কথাই এতিয়া কোনদিশে পোনাইছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। সুশান্তৰ বেংক একাউন্টৰ হিচাপ পৰ্যন্তত ৰিয়া চক্ৰৱৰ্তীৰ নাম অন্তৰ্ভূক্ত হৈ পৰিছে। আৰু, এই আটাইবোৰৰ পিছত তেওঁ এনেদৰে কোনো সম্পৰ্ক স্থাপন নকৰাত এতিয়া প্ৰতিটো বস্তুয়ে ৰিয়াৰ ফালেই আঙুলিয়াবলৈ বাধ্য হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform