Rupaliparda.com
"যিমানদূৰ বুজিব পাৰো তাৰ ভিত্তিত "শিল্পীৰ" ৰ সংজ্ঞাটো এইটোৱেই"- জোনাকী মন 1

“যিমানদূৰ বুজিব পাৰো তাৰ ভিত্তিত “শিল্পীৰ” ৰ সংজ্ঞাটো এইটোৱেই”- জোনাকী মন

অসমীয়া এনে বহু কন্ঠশিল্পী বা সংগীতকাৰ আছে; যিয়ে নিজ জন্মভূমিক খনক লৈ কিবা এটা কৰাৰ অপাৰ হেঁপাহ বুকুত বান্ধি ৰাখে। কোনো এটা ভাল কাম লৈ জনসাধাৰণৰ মাজলৈ অহাৰ ইচ্ছা কৰে তেওঁলোকে; এনে কেইবাগৰাকীও শিল্পীৰ উদাহৰণ আমি বৰ্তমান দিব পাৰো। যাৰ বুকুত এই সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হৈ মাতৃভূমিৰ চুকে-কোণে গৈ নিজৰ সংগীতেৰে সকলোৰে মাজত চিনাকী হোৱা বহুল ইচ্ছা মনত পুহি ৰাখিছে। আজি আমি এনে এগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ সৈতে পাতিম কথা; যাৰ কন্ঠই ইতিমধ্যে চিনাকী লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়তো। তেওঁৰ নাম হৈছে জোনাকী মন (প্ৰকৃত নাম ঋষি অভিনৱ); সৰুতেই মুম্বাইলৈ গৈ সংগীতৰ বিভিন্ন কথাক শিকিবলৈ প্ৰয়াস কৰা এই গৰাকী কন্ঠশিল্পীৰ বিষয়ে আজিৰ দেওঁবৰীয়া ৰূপালীপৰ্দা বিশেষত জানো চোন আহক কিছু কথাঃ

"যিমানদূৰ বুজিব পাৰো তাৰ ভিত্তিত "শিল্পীৰ" ৰ সংজ্ঞাটো এইটোৱেই"- জোনাকী মন 2

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত তোমাৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

জোনাকী মনঃ সংগীতৰ যাত্ৰাটো মোৰ সৰুতেই আৰম্ভ হৈছিল মোৰ ঘৰৰ পৰা। মোৰ মা নিবেদিতা শৰ্মা বৰা এগৰাকী ক্লাচিকেল গায়িকা আৰু তেওঁয়েই মোৰ সংগীতৰ ক্ষেতত প্ৰথমজন গুৰু। মোৰ দেউতা ৰাজীৱ বৰা এগৰাকী লেখক আৰু অভিনেতা লগতে মোৰ মামা উৎপল শৰ্মা আৰু সম্বন্ধীয় মামা জুবিন গাৰ্গ এই আটাইখিনি সদস্যই সংগীতৰ সৈতে জড়িত। গতিকে মই জন্মৰ পৰাই সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হৈছো বুলি ক’লেও উপৰঞ্চি নহ’ব। পিছলৈ মই মেট্ৰিক পৰীক্ষা দিয়ে মুম্বাইলৈ গুচি গৈছিলো; তাত বহুখিনি বস্তু শিকিলো, অভিজ্ঞতাও হৈছিল মোৰ তাত যথেষ্টখিনি। তাত থকা অৱস্থাত মই অসমৰো কিছু কিছু কামত অন্তৰ্ভূক্ত নোহোৱাকৈ থকা নাছিলো বাৰু! মই সমান্তৰালভাৱে দুই ফালৰ কামত নিয়োজিত হৈছিলো। মুম্বাইত মই T-Series ৰ বেনাৰত এখন হিন্দী ছবি Gangs Of littles ৰ গীতত কন্ঠদান কৰিছো। তাৰ পিছত গুৱাহাটীলৈ আহি মই বৰ্তমান অব্যাহত ৰাখিছো সংগীত যাত্ৰাটো…

"যিমানদূৰ বুজিব পাৰো তাৰ ভিত্তিত "শিল্পীৰ" ৰ সংজ্ঞাটো এইটোৱেই"- জোনাকী মন 3

প্ৰশ্নঃ তোমাৰ বাবে এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

জোনাকী মনঃ মোৰ মতে, এগৰাকী শিল্পী হৈছে এনে এজন ব্যক্তি যিয়ে বিনা স্বাৰ্থত নিজ প্ৰতিভাক ৰাইজৰ ওচৰত প্ৰদৰ্শন কৰাৰ ক্ষমতা ৰাখে। যিজন ব্যক্তিয়ে নিজ কলা বা প্ৰতিভাক ভাল পাই নিজ কৰ্ম অব্যাহত ৰাখিছে তেওঁয়ে মোৰ মতেৰে এগৰাকী প্ৰকৃত শিল্পী; যিয়ে কেতিয়াও আচলতে নিজৰ “নাম” হোৱাটো নিবিচাৰে। মাত্ৰ তেওঁ বিচাৰে তেওঁৰ কলাটোক সকলোৱে স্বীকৃতি দিয়ক; আৰু সেইজন ব্যক্তিয়েই হৈছে মোৰ মতেৰে এগৰাকী “শিল্পী”। এনেক্ষেত্ৰত নাম ল’ব পাৰি আমাৰ আটাইৰে প্ৰিয় জ্যোতিপ্ৰসাদ আগৰৱালা লগতে ড° ভূপেন হাজৰিজা দেৱৰ; তেওঁলোকে আমাৰ সাংস্কৃতিক জগত খনৰ বাবে কাম কৰি থৈ গৈছে। তেওঁলোকে তাত তেওঁলোকৰ নাম হ’ব বুলি কোনো স্বাৰ্থ সন্নিৱিষ্ট কৰি ৰখা নাই। গতিকে মোৰ মতে, মই যিমানদূৰ বুজিব পাৰো তাৰ ভিত্তিত “শিল্পীৰ” ৰ সংজ্ঞাটো এইটোৱেই।

"যিমানদূৰ বুজিব পাৰো তাৰ ভিত্তিত "শিল্পীৰ" ৰ সংজ্ঞাটো এইটোৱেই"- জোনাকী মন 4

প্ৰশ্নঃ কেনেধৰণৰ সংগীতত কন্ঠদান কৰি তুমি শ্ৰোতাক আকৰ্ষণ কৰিবলৈ বিচাৰা?

জোনাকী মনঃ মই নিৰ্দ্দিষ্ট এটা ধাৰা গ্ৰহণ কৰি তাতেই সম্পূৰ্ণ ভাৱে সোমাই লৈ মই কাম কৰিবলৈ নিবিচাৰো। মোৰ বাবে সকলো গীতেই প্ৰিয়, প্ৰত্যেকটো ধৰণৰ গীতেই মই গাবলৈ বিচাৰো। মই মাজুলীৰ ল’ৰা, সৰুৰ পৰাই মই বৰগীত, জয়ন্ত হাজৰিকাৰ গীত, ভূপেন হাজৰিকাৰ গীত, জুবিন গাৰ্গৰ গীত, উৎপল শৰ্মাৰ গীত গাইছো। গতিকে একঘেয়ামী ধাৰা গ্ৰহণ কৰি সেইটোৰেই গীত মই গাই বেয়া পাওঁ; এক কথাত ক’বলৈ গ’লে মোৰ বাবে সকলো গীতেই ভাল লগা আৰু তেনেকৈয়ে শ্ৰোতাক আকৰ্ষণৰ ইচ্ছা মোৰ।

"যিমানদূৰ বুজিব পাৰো তাৰ ভিত্তিত "শিল্পীৰ" ৰ সংজ্ঞাটো এইটোৱেই"- জোনাকী মন 5

প্ৰশ্নঃ ভৱিষ্যতলৈ কোনগৰাকী গায়ক/ গায়িকাৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰাৰ ইচ্ছা?

জোনাকী মনঃ এইটো প্ৰশ্নৰ উত্তৰতো মই ক’ম যে মোৰ তেনে কোনো নিৰ্দ্দিষ্ট এগৰাকী-দুগৰাকী প্ৰিয় নহয়; মই যদি ভৱিষ্যতলৈ সুবিধা পাওঁ তেনেহ’লে আটাইৰে লগতে গান গাবলৈ মোৰ ইচ্ছা আৰু তেওঁলোকৰ পৰা শিকিবলৈ ইচ্ছা। কিন্তু এটা আশা মোৰ আছে, মই সৰুৰ পৰাই সেই সপোনটো বুকুত বান্ধি ৰাখিছো; যিহেটো মোৰ মা এগৰাকী সংগীত শিল্পী। গতিকে তেওঁৰ সৈতে গীতত যুঁটীয়াভাৱে কন্ঠদান কৰাৰ মোৰ যথেষ্ট ইচ্ছা আছে।

"যিমানদূৰ বুজিব পাৰো তাৰ ভিত্তিত "শিল্পীৰ" ৰ সংজ্ঞাটো এইটোৱেই"- জোনাকী মন 6

প্ৰশ্নঃ আগন্তুক কোনো পৰিকল্পনা? জানিব বিচাৰিম।

জোনাকী মনঃ পৰিকল্পনা বহুখিনি আছে, শেহতীয়াকৈ চুটি ছবি I like Your T-shirt ত মই সংগীত কৰিছিলো আৰু তাত জনসাধাৰণে যথেষ্ট সঁহাৰি জনাইছে গতিকে সেই গীতটো ইতিমধ্যে সম্পূৰ্ণকৈ প্ৰস্তুত কৰা হৈছে আৰু ৰাইজৰ মাজলৈ অতি সোনকালেই আহিব। ইয়াৰ লগতে, “সপোন যেন পাওঁ” আৰু “ভাগৰ” শীৰ্ষক গীত দুটি মোৰ কন্ঠৰে অতি কম সময়ৰ ভিতৰত ৰাইজৰ সমুখলৈ আহি আছে। তেনেকৈয়ে কিছুমান অইন পৰিকল্পনা কৰিছো আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছো।

"যিমানদূৰ বুজিব পাৰো তাৰ ভিত্তিত "শিল্পীৰ" ৰ সংজ্ঞাটো এইটোৱেই"- জোনাকী মন 7

…… ধন্যবাদ জোনাকী মন। তোমাৰ পৰিকল্পনা সফল হোৱাৰ কামনা কৰিছো।

জোনাকী মনঃ ধন্যবাদ ৰূপালীপৰ্দা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.