Rupaliparda.com
মানসিক ৰোগীৰ মনস্তাত্বিক অৱস্থা আৰু জন্তু মোহত আৱদ্ধ ব্যক্তিৰ কাহিনীৰে "Resilience"- 1

মানসিক ৰোগীৰ মনস্তাত্বিক অৱস্থা আৰু জন্তু মোহত আৱদ্ধ ব্যক্তিৰ কাহিনীৰে “Resilience”-

সম্প্ৰতি সময়ত মানসিক ৰোগত আক্ৰান্ত হোৱা বহু লোকৰ বিষয়ে আমি শুনিছো। ই বৰ্তমান সময়ৰ এক চিন্তনীয় বিষয় ৰূপে পৰিগণিত হৈছে। মানসিক ৰোগে একোজন ব্যক্তিক ভিতৰৰ পৰা নিঃশেষ কৰি পেলোৱাৰ উপৰিও বহু ধৰণৰ চিন্তাই আগুৰি ৰাখে এওঁলোকক। শেহতীয়াকৈ এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰত্যেকজনেই। আপোনালোক সকলোৱে দেখিছে, বৰ্তমান একোখন চুটি ছবিয়ে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে জনসাধাৰণৰ মন-গহ্বৰত। এনে সময়তে, কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল এখন চুটি ছবি “Resilience” য়ে। চুটি ছবিখনত মানসিক ৰোগী এগৰাকীক উপস্থাপন কৰাৰ লগতে আন জীৱৰ সৈতে থকা মনুষ্যৰ মোহকো প্ৰতিফলিত কৰা হৈছে। ZOETROPIC Nirmiti নিবেদনেৰে নিৰ্মিত এই চুটি ছবিখনৰ পৰিচালনা ৰিচভ সাহাৰ । চুটি ছবিখনত থকা এজন অভিনেতাৰ সৈতে এটা কুকুৰৰ সম্পৰ্কক আধাৰ হিচাপে লৈয়ে নিৰ্মাণ কৰা হৈছে “Resilience”।


চুটি ছবিখনৰ অভিনয় লেখত ল’বলগীয়া; এটা কুকুৰক এখন ছবিত উপস্থাপন কৰাটো সহজ নহয় যদিও ইয়াক সুন্দৰ ৰূপত প্ৰতিফলিত কৰা হৈছে উক্ত চুটি ছবিখনত। কিন্তু কিছু ক্ষেত্ৰত চুটি ছবিখনত ধাৰাবাহিকতা নথকাৰ বাবে ই দৰ্শকক কিছু সময়ত অন্যমনস্ক কৰি তুলিছে। সংলাপহীন চুটি ছবিখনৰ দৈৰ্ঘ্য ৭ মিনিট; উক্ত চুটি খনত ব্যৱহৃত সংগীত সমূহ উল্লেখনীয়; ইয়াত নেটফ্লিক্সত উপলদ্ধ এখন বঙালী ছবি “গাণ্ডু” ৰো কিছু আভাষ পোৱা যায়। ইয়াত অভিনয় কৰাৰ লগতে ইয়াৰ কাহিনী হৈছে বিশ্বজিৎ দাসৰ আৰু ইয়াৰ সম্পাদনা ৰাজ দত্তৰ।

মানসিক ৰোগীৰ মনস্তাত্বিক অৱস্থা আৰু জন্তু মোহত আৱদ্ধ ব্যক্তিৰ কাহিনীৰে "Resilience"- 2


পুৰোষোত্তম কুন্তিৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত এই চুটি ছবিখনৰ চিত্ৰনাট্য ৰিচভৰ লগতে ইয়াত শব্দ-সংগীতৰ দায়িত্বত আছে হিৰু পৱন। ছবিখনৰ পোষ্টাৰ ডিজাইন হিমজ্যোতি মেধিৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform