বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা এগৰাকী সফল অভিনেত্ৰী ৰূপে পৰিগণিত হয়। বৰ্তমান তেওঁক কোনো এখনো ছবিত দেখিবলৈ পোৱা নাই যদিও তেওঁৰ আৰু স্বামী বিৰাট কোহলী যুঁটি টোৰ অনুৰাগী সৰ্বাধিক। সম্প্ৰতি সময়ত বহু চিলেব্ৰেটী অনুৰাগীৰ কাষ চাপিবলৈ চেষ্টা কৰিছে; চচিয়েল মিডিয়াত কোনো সময়ত অনুৰাগীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰো দিয়া দেখিবলৈ পোৱা যায় এওঁলোকক।


অনুষ্কা শৰ্মাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত “সোধা মোক যিকোনো প্ৰশ্ন” বুলি অনুৰাগীলৈ আগবঢ়াই দিছিল এক পৰ্যায়; য’ত তেওঁক ব্যক্তিগত বিভিন্ন প্ৰশ্ন কৰা হৈছিল। স্বামী বিৰাট কোহলীৰ সৈতে সময় অতিবাহিত কৰা অনুষ্কাক প্ৰশ্ন কৰা হৈছিল যে বিৰাট কেতিয়া আটাইতকৈ অধিক উদাস হৈ পৰে; ইয়াৰ প্ৰশ্নৰ উত্তৰত অনুষ্কাই কয় যে “যেতিয়া তেওঁ কোনো বোৰ্ড গেম হাৰি যায় তেতিয়া তেওঁ উদাস হৈ পৰে।” আনহাতে, আন এগৰাকী অনুৰাগীয়ে তেওঁক প্ৰশ্ন কৰিছিল যে “বিৰাটৰ পৰা আপুনি কি সহায় ল’ব?”
ইয়াৰ উত্তৰত অনুষ্কাই কয় যে, “বটলৰ টান খাপৰ খুলিবলৈ আৰু ওজন থকা চকী দাঙিবলৈ।” অনুষ্কাই এনেদৰে প্ৰায় প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ, অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে লগ হৈ অসমৰ বানপীড়িত সকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছিল।
Add comment