Rupaliparda.com
ভাতৃয়ে ভগ্নীক মৰমেৰে দিয়া আবেগৰ বাখ্যাবোৰেৰে নিৰ্মিত "উৰণ"- 1

ভাতৃয়ে ভগ্নীক মৰমেৰে দিয়া আবেগৰ বাখ্যাবোৰেৰে নিৰ্মিত “উৰণ”-

হাজাৰ খন কাজিয়া, মতামতৰ খেলি-মেলিৰ পিছতো হৃদয়ৰ একেবাৰেই আপোন সম্বন্ধটো হৈছে ভাতৃ-ভগ্নীৰ। মোৰ ভাগত সেইটো অথবা তোৰ ভাগত এইটো বুলি কোৱা পিছতো নিজৰ ভাগৰ বস্তুটো ভনীয়েক জনীলৈ লগতে দাদা জনলৈ থৈ দিয়া কথাটোতেই আবদ্ধ হৈ থাকে সম্বন্ধটোৰ আৱেগ আৰু ভালপোৱা। কিছুদিন পূৰ্বে, দেশত উদযাপন হৈছে পবিত্ৰ ৰাখীবন্ধন। ভগ্নীয়ে ভাতৃৰ হাতত বান্ধি দিয়া একোডাল সূতাৰ সৈতে যেন বান্ধি দিয়ে নিজৰো আশা বোৰ। উক্ত দিনটোতেই মুক্তি পোৱা এখন চুটি ছবিয়ে এতিয়া আকৰ্ষণ কৰিছে প্ৰত্যেককে, ভাতৃয়ে নিজ ভনীয়েকক দিয়া কিছু জীৱনৰ শিক্ষা; কিছু মৰমৰে কৰা আবেগৰ বাখ্যাবোৰে চুটি ছবিখন উপভোগ্য কৰি তুলিছে দৰ্শকৰ বাবে। “V Six Motion” নিবেদনেৰে শেহতীয়াকৈ নিৰ্মিত “উৰণ” শীৰ্ষক চুটি ছবিখনৰ কাহিনীক আকোঁৱালি লৈছে এতিয়া সকলোৱে। প্ৰতিটো বিষয়বস্তু নাইবা পৰিস্থিতিৰ সৈতে সংগতি ৰাখি বৰ্তমান পূৰ্ণদৈৰ্ঘ্যতকৈ অধিক চুটি ছবি নিৰ্মাণ কৰাৰ লগতে ৰাইজক আমোদ প্ৰদানৰ স্বাৰ্থত ইয়াক মুক্তি দিয়াও হৈছে। Airdrop 2.0 ৰ পিছত “উৰণ” নিৰ্মাণত সৈতে জড়িত কলা-কুশলীয়ে চুটি ছবিখনৰ বহুক্ষেত্ৰত পুংখানুপুংখতাৰ প্ৰতি লক্ষ্য কৰা যেন অনু্ভৱ হয়। ভাতৃ-ভগ্নীৰ গাঢ়তাক প্ৰতিফলিত কৰা এই চুটি ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে অভিনৱ কাশ্যপ আৰু অয়নজিৎ দেৱ শৰ্মা ।


চুটি ছবিখনৰ সংলাপ অথবা চিত্ৰনাট্যৰ ক্ষেত্ৰত ইয়াৰ উপস্থাপন শৈলী মন কৰিবলগীয়া। অভিনয়ৰ ক্ষেত্ৰত ইয়াক অকণমান আৰু উন্নত কৰিব পৰা গ’লহেঁতেন যেন অনুভৱ হয়। যদিও, চুটি ছবিখনৰ কাহিনীটোৱে দৰ্শকৰ মনোযোগ টানিবলৈ হৈছে। ইয়াত অভিনয় কৰিছে শুভ্ৰম ভট্টাচাৰ্য্য আৰু নিকিতা চৌধুৰীয়ে। ইয়াত সহঃ পৰিচালনা আয়ানজিৎ দেৱ শৰ্মাৰ। হাৰ্দিক কাশ্যপ আৰু যুগল শইকীয়াৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য ধৃতিমান বড়োৰ। লগতে, চুটি ছবিখনৰ সম্পাদনা হাৰ্দিক কাশ্যপৰ। ছবিখনৰ সংলাপ ধ্ৰুৱজ্যোতি বৰ্মনৰ আৰু ধৃতিমান বড়োৰ। ইয়াৰ উপৰিও, ইয়াত চাবটাইটেল বিনিতা চক্ৰৱৰ্তীৰ।

ভাতৃয়ে ভগ্নীক মৰমেৰে দিয়া আবেগৰ বাখ্যাবোৰেৰে নিৰ্মিত "উৰণ"- 2


উল্লেখ্য যে, ইখনৰ পিছত সিখনকৈ চুটি ছবিৰ উপহাৰ দিয়া V Six Motion ৰ বেনাৰত পুনৰ আন এখন চুটি ছবিৰ পৰিকল্পনাত জড়িত হৈছে উক্ত প্ৰডাকচন হাউচটোৰ সৈতে জড়িত কলা-কুশলীয়ে। আহিবলগীয়া চুটি ছবিখনৰ নাম হৈছে “Red Signal”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform