Rupaliparda.com
"Beauty With Brain" ৰ উদাহৰণঃ ঐশ্বৰ্য্য শিৱৰাণৰ সফলতা- 1

“Beauty With Brain” ৰ উদাহৰণঃ ঐশ্বৰ্য্য শিৱৰাণৰ সফলতা-

ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিচন চমুকৈ UPSC ৰ শেহতীয়াকৈ ঘোষণা কৰা হৈছে ফলাফল। ইয়াৰ লগতে, আকৌ এবাৰ চৰ্চালৈ আহিছে আন এক নাম। ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট ঐশ্বৰ্য্য শিৱৰাণে UPSC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে তেওঁ ৯৩ স্থানো দখল কৰে। এই খবৰটো চচিয়েল মিডিয়াত ফেমিনা মিছ ইণ্ডিয়াৰ পেজ যোগে জনসাধাৰণলৈ প্ৰেৰণ কৰা হয়। “Beauty With Brain” ৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে ঐশ্বৰ্য্যই। এখন ফটোৰে ফেমিনা মিছ ইণ্ডিয়াৰ চচিয়েল মিডিয়া পেজে সুন্দৰী গৰাকীলৈ শুভকামনা জ্ঞাপন কৰে। ঐশ্বৰ্য্যই নিজৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল দিল্লীৰ পৰা। সুন্দৰী প্ৰতিযোগিতাৰ সমান্তৰালকৈ শিক্ষাৰ ক্ষেত্ৰতো ঐশ্বৰ্য্যই কৰা এই ফলাফলত মুগ্ধ হৈ পৰিছে জনসাধাৰণ।


ঐশ্বৰ্য্য শিৱাৰণে দিল্লীৰ জনপ্ৰিয় শ্ৰী ৰাম কলেজ অৱ কমাৰ্ছৰ পৰা অৰ্থনৈতিক বিজ্ঞান বিভাগত অনাৰ্ছ গ্ৰহণ কৰে। ইয়াৰ পিছতেই সুন্দৰী গৰাকীয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয়। সুন্দৰী গৰাকীৰ কেইখন মান ফটো চাওঁচোন আহকঃ

"Beauty With Brain" ৰ উদাহৰণঃ ঐশ্বৰ্য্য শিৱৰাণৰ সফলতা- 2
"Beauty With Brain" ৰ উদাহৰণঃ ঐশ্বৰ্য্য শিৱৰাণৰ সফলতা- 3
"Beauty With Brain" ৰ উদাহৰণঃ ঐশ্বৰ্য্য শিৱৰাণৰ সফলতা- 4

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.