Rupaliparda.com
"ক'ৰোণা" ৰ সৈতে ফুটবল খেলিছে অমিতাভ বচ্চনেঃ 1

“ক’ৰোণা” ৰ সৈতে ফুটবল খেলিছে অমিতাভ বচ্চনেঃ

বলীউড অভিনেতা অমিতাভ বচ্চনে শেহতীয়াকৈ ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি নানাৱটী হস্পিতালৰ পৰা নিজ ঘৰলৈ আহিছে। বিগ বিয়ে প্ৰায়ে নিজ অনুৰাগীৰ বাবে চচিয়েল মিডিয়াত কোনো নহয় কোনো কথাৰে মনোৰঞ্জন প্ৰদান কৰাৰ চেষ্টা কৰি থাকে। এইখিনি সময়তে বিগ বিয়ে এইবাৰ আন দুখন ফটো শ্বেয়াৰ কৰে; যি এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। তেওঁ এই ফটো দুখনত বাখ্যা কৰিছে যে কেনেদৰে তেওঁ ক’ৰোণা ভাইৰাছক হৰুৱাইছিল; অভিনেতা গৰাকী হাস্পাতালত থকা সময়ছোৱাতো একো একোটা পোষ্ট কৰি জনসাধাৰণক নিজ স্বাস্থ্যৰ বিষয়ে জনাই থকা দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ তেওঁ শ্বেয়াৰ কৰা ফটোত অমিতাভক ক’ৰোণাৰ সৈতে ফুটবল খেলা দেখিবলৈ পোৱা গৈছে।

View this post on Instagram

What can one say ..

A post shared by Amitabh Bachchan (@amitabhbachchan) on


ফটোখনৰ লগতে প্ৰসূন জোশীৰ এটি কবিতাও শ্বেয়াৰ কৰে অভিনেতা গৰাকীয়ে। উল্লেখ্য যে, অমিতাভ বচ্চনৰ লগতে তেওঁৰ পুত্ৰ অভিষেক বচ্চন লগতে তেওঁৰ বোৱাৰী ঐশ্বৰ্য্য ৰয় বচ্চন আৰু নাতি আৰাধ্যাকো ক’ভিড পজিটিভ পোৱা গৈছিল। ১৪ জুলাই তাৰিখে এওঁলোকক ক’ৰোণা পজিটিভ পোৱা পিছতেই সকলোকে নানাৱটী হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল আৰু বৰ্তমান অভিষেক বচ্চনৰ বাহিৰে আটাইবোৰ ঘৰলৈ উভতি আহিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform