Rupaliparda.com
মাইম মিনাংকৰ আন এক প্ৰচেষ্টাঃ এইবাৰ দিছে EIA 2020ৰ বিৰুদ্ধে মাত- 1

মাইম মিনাংকৰ আন এক প্ৰচেষ্টাঃ এইবাৰ দিছে EIA 2020ৰ বিৰুদ্ধে মাত-

মাইম মিনাংকৰ আন এক প্ৰচেষ্টা। প্ৰায়ে প্ৰকৃতি সংৰক্ষণৰ হকে দৃঢ়তাৰে মাত দিয়া মূকাভিনয় শিল্পী মিনাংক ডেকাৰ আন এক প্ৰকল্প। এইবাৰ EIA 2020 ৰ বিৰুদ্ধে মাত মাতিছে মিনাংক ডেকাই; প্ৰত্যেকজন অভিনেতা-অভিনেত্ৰীৰ লগতে এই বিষয়ত বৰ্তমান নিজ কন্ঠস্বৰ মজবুত কৰিছে প্ৰতিজন শিল্পী, কলা-কুশলীয়ে। EIA 2020 অৰ্থাৎ Enviromental Impact Assessment নামে এখন খচৰা। এই খচৰা খন যদিহে এখন আইনলৈ পৰিণত হয় তেনেহ’লে ই অসমবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ পৰা কাঢ়ি নিব তেওঁলোকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ। এই খচৰা খন আইনলৈ পৰিণত হোৱাৰ পিছতেই ভিন্ন মূল্যৱান সম্পদ তথা জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই সম্পদৰ অবাধ লুণ্ঠন হ’লেও ইয়াৰ বিৰোধিতা কৰাৰ ক্ষমতা হেৰুৱাব জনসাধাৰণে। “Say No To EIA” শীৰ্ষক এটি শ্লোগানেৰে চচিয়েল মিডিয়াত আৰম্ভ কৰা এই প্ৰক্ৰিয়াত যোগদান কৰিছে মিনাংকই।

মাইম মিনাংকৰ আন এক প্ৰচেষ্টাঃ এইবাৰ দিছে EIA 2020ৰ বিৰুদ্ধে মাত- 2


“ক’ৰোণা ভাইৰাছ” অথবা “লক-ডাউন” লগতে সমাজ ব্যৱস্থাৰ বিভিন্ন বিষয়ত নিজৰ মতামত ব্যক্ত কৰা মূকাভিনয় শিল্পী মিনাংক ডেকাই যে কেৱল এইবাৰে প্ৰকৃতিৰ হকে মাত মাতিছে তেনে নহয়; তেওঁ পূৰ্বৰে পৰা ইয়াৰ বিৰুদ্ধে দৃঢ়তাৰে মাত মাতি আহিছে। দীপৰ বিলৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ ও সচেতন কৰাৰ স্বাৰ্থত তেওঁ কেইবাখনো মূকাভিনয় প্ৰদৰ্শন কৰিছে। উল্লেখ্য যে, উক্ত খচৰাখনৰ বিৰুদ্ধে প্ৰত্যেককে মাত মতাৰ বাবে আহ্বান জনাই শিল্পীগৰাকীয়ে কয় যে “প্ৰকৃতিৰ সৈতে অন্যায় হব।প্ৰকৃতিৰ সৈতে অত্যাচাৰ হব। প্ৰকৃতি ধংস কৰা হব। কিন্তু আপুনি একো কৰিব নোৱাৰিব। নীৰৱে চাই থাকিব লাগিব। তেনে এটি দিনলৈ আগবাঢ়িছো আমি। এতিয়াই মাত নামাতিলে মাত হৰিব চিৰদিনলৈ। মাত মাতক। Email কৰি আপত্তি দৰ্শাওক।”

SAVE_NATURE

withdrawDraftEIA2020″।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform