Rupaliparda.com
"কভাৰ কুইন" ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে আহি আছে "তুমি আৰু মই"- 1

“কভাৰ কুইন” ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে আহি আছে “তুমি আৰু মই”-

একাংশ গীতৰ কভাৰ প্ৰস্তুতিৰে অনুৰাগীক আকৰ্ষণ কৰা ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে আহিবলৈ সাজু হৈছে এটি গীত “তুমি আৰু মই”। সংগীত ক্ষেত্ৰখনত ধীৰে ধীৰে সফলতাৰ জখলা বগোৱা ৰাজশ্ৰী শইকীয়াৰ অনুৰাগীৰ বহুল সংখ্যাও নুই কৰিব পৰা নাযায়। “লাগি হালি জালি” ৰ লগতে “সাত ঘাটৰ চেঙেলী” আদি ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত গীত সমূহ বৰ্তমানেও জনপ্ৰিয় বুলি ক’লেও আচলতে অতিৰঞ্জিত নহ’ব। নৱপ্ৰজন্মৰ উদীয়মান কন্ঠশিল্পী সমূহৰ ভিতৰত উল্লেখনীয় ৰাজশ্ৰী শইকীয়াৰ একোটা গীতে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সৰ্বসাধাৰণক। নগাঁওত জন্মগ্ৰহণ কৰা ৰাজশ্ৰী শইকীয়াই ২০১৫ চনৰ পৰা “লাগি হালি জালি” ৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ সাংগীতিক জীৱনৰ আৰম্ভণি কৰিছিল। ৰাজশ্ৰীৰ আগন্তুক গীত “তুমি আৰু মই” ৰ কথা জাগ্ৰত প্ৰতিম ভৰালীৰ আৰু ইয়াৰ পৰিচালনা ৰোহিত সোণাৰৰ। গীতটিত সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ কৌস্তুভ শইকীয়াৰ।

View this post on Instagram

Tumi Aru Moi Need your blessings and support ♥️

A post shared by Rajashree Saikia (@rajashreesaikia_symphony) on


এক কথাত ক’বলৈ গ’লে, “মনোৰঞ্জন” ক্ষেত্ৰখনত স্তব্ধতা বিৰাজ নকৰে। প্ৰত্যেকজন শিল্পী, কলা-কুশলীয়ে এতিয়া পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে কোনো ধৰণে নিজ অনুৰাগীৰ কাষ চপাৰ; এই সময়চোৱাত অকণমান সময়ৰ বাবে আমোদ প্ৰদানৰ চেষ্টা কৰিছে এতিয়া প্ৰত্যেক গৰাকী শিল্পীয়ে। “লক-ডাউন” তেই এইগৰাকী কন্ঠশিল্পী ৰাজশ্ৰীয়ে ব্যক্তিগত ইউটিউব চেনেলটোত প্ৰায় কেইবাটাও গীতৰ কভাৰ প্ৰস্তুত কৰি মুক্তি দিছিল; শেহতীয়াকৈ তেওঁ কন্ঠদান কৰা হিন্দী গীত “নমো নমো যি শংকৰা” লগতে “আজ দিন চড়েৱা” কো চচিয়েল মিডিয়াত একাংশই বহুল ৰূপত ভাইৰেল কৰি তোলা দেখিবলৈ পোৱা গৈছে।

"কভাৰ কুইন" ৰাজশ্ৰী শইকীয়াৰ কন্ঠৰে আহি আছে "তুমি আৰু মই"- 2


উল্লেখ্য যে, আগন্তুক ২৮ আগষ্ট তাৰিখে মুক্তি লাভ কৰিব ৰাজশ্ৰীৰ আগন্তুক গীত “তুমি আৰু মই”। বৰ্তমান গীতটিক লৈ অপেক্ষাৰত কন্ঠশিল্পী গৰাকীৰ অনুৰাগী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform