অভিনয়েই হওঁক অথবা নৃত্যই হওঁক নাইবা মনোৰঞ্জন ক্ষেত্ৰখনৰ যিকোনো শাখায়েই নহওঁক কিয়; প্ৰায় প্ৰতিটো শাখাতেই নৱপ্ৰজন্ম এনেদৰে জড়িত হৈছে যে ই বৰ্তমান আপ্লুত কৰিছে জনসাধাৰণক। প্ৰায় প্ৰতিটো ক্ষেত্ৰতে এওঁলোকৰ অন্তৰ্ভূক্তি মনকৰিবলগীয়া। ৰূপচন্দা শৰ্মা; ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰী; এগৰাকী নৃত্যশিল্পী লগতে এগৰাকী নৱপ্ৰজন্মৰ উদীয়মান অভিনেত্ৰী। আচলতে, ৰূপচন্দাতকৈ অধিক “আৰোহী” বুলি যদি কওঁ তেতিয়াহ’লে আপোনালোকে শিল্পী গৰাকীক চিনিবলৈ সহজ হ’ব। জনপ্ৰিয় “দুটি মনৰ জোনাক” ধাৰাবাহিকখনত অভিনীত এই গৰাকী শিল্পীৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে যেতিয়া তেওঁক “অভিনয়” আৰু “নৃত্য” ৰ ভিতৰত কোনটো নিচা আৰু কোনটো পেছা বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “ইয়াৰ উত্তৰটো একাষাৰে দি দিবলৈ অকণমান জটিল হয়। প্ৰথমতেটো দুইটা মোৰ নিচা বুলি ক’ম; অৱশ্যে যেতিয়া “নিচা” ত “পেছা” টো সোমাই থাকে তেতিয়া কামটো কৰি নিজৰো ভাল লাগে। মোৰ ক্ষেত্ৰতো ক্ৰমান্বয়ে তেনেকুৱাই হ’বলৈ ধৰিছে। সঁচা কথা ক’বলৈ গ’লে নৃত্য আৰু অভিনয় এই দুইটাৰ প্ৰতি মোৰ অপৰিসীম ভালপোৱা।”
ৰূপচন্দাই আগলৈ কয় যে, “নৃত্য, অভিনয় আৰু মই আমি তিনিওটাই এটা ভাঙিব নোৱাৰা সম্পৰ্কত বান্ধ খাই আছো। ইয়াৰ পৰা মই কেতিয়াও ওলাই আহিব নুখোজো আৰু ইয়াৰ সৈতে মই কোনো বস্তুৰ সাল-সলনিও কৰিবলৈ নিবিচাৰো। অভিনয়ৰ ক্ষেত্ৰত মোৰ কেমেৰাৰ লগত প্ৰেম, দৰ্শকৰ সৈতে প্ৰেম, সংলাপ, চৰিত্ৰটোৰ লগত প্ৰেম; তাৰ পিছত নৃত্যৰ ফালৰ পৰা ভংগিমাৰ সৈতে প্ৰেম, সাজ-পাৰৰ সৈতে প্ৰেম এই আটাইবোৰ মোৰ বাবে বুজাব নোৱাৰা বস্তু। কোনো এটা বস্তুৰ প্ৰতি যেতিয়া কোনো ব্যক্তিৰ আসক্তি থাকিব তেতিয়াই সি সেইটো বস্তুক “পেছা” হিচাপে পৰিগণিত কৰিব পাৰিব। কৈয়ে নহয়, “passion meets profession”; গতিকে এই দুইটা বস্তু মোৰ প্ৰথম “নিচা” বুলিয়ে ক’ব লাগিব।” ইয়াৰ পিছত তেওঁৰ ফালৰ পৰা আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচৰাত তেওঁ কয় যে,
“আগন্তুক পৰিকল্পনা মানে মই যে অভিনয় আৰু নৃত্য কৰিয়েই খাম সেই কথা মই কোনোদিন নাই ভবা। শিক্ষাগত দিশৰ পৰাও মই আগন্তুক জীৱনটো ভাবিছো; কিন্তু যিহেটো অভিনয় অথবা নৃত্যক মই কেতিয়াও এৰিব নোৱাৰো গতিকে ইহঁতক মই মোৰ জীৱনত এটা তেওঁলোকৰ নিজস্ব ঠাই দি থৈছো। য’ৰ পৰা তেওঁলোকক কোনো উলিয়াব নোৱাৰে; মই শিকাই বৰ ভাল পাওঁ বাবে মোৰ সৰুৰ পৰাই আশা আছিল যে মই প্ৰফেছাৰ হ’ম আৰু ইয়াৰ লগতে অইন এটা সপোনো মই পুহি ৰাখিছিলো যিটো হ’ল কেতিয়াবালৈ যিখিনি পিছপৰা ঠাই অথবা “শ্লাম এৰিয়া” পোৱালিবোৰক লৈ মই তেওঁলোকৰ এটা গ্ৰুপ বনাই তেওঁলোকক জ্ঞান বিলাম। ইয়াৰ উপৰিও, নৃত্য-অভিনয়ক মই কেতিয়াও এৰিব নোৱাৰো গতিকে এইবোৰো লগত ৰাখি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিম।”
Add comment