Rupaliparda.com
সুৰজ পাঞ্চালী আৰু সুশান্তৰ মাজত আছিল গভীৰ ভাতৃত্ববোধঃ 1

সুৰজ পাঞ্চালী আৰু সুশান্তৰ মাজত আছিল গভীৰ ভাতৃত্ববোধঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ এই বিষয়টোলৈ বিভিন্ন জন চিলেব্ৰেটীৰ নাম টানি অনা হৈছিল; ইয়াৰ মাজৰে এগৰাকী আছিল সুৰজ পাঞ্চলী। চচিয়েল মিডিয়াত সুৰজ পাঞ্চালীৰ বিৰুদ্ধে সুশান্তৰ অনুৰাগীয়েও বিভিন্ন মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল। কোৱা হৈছিল যে, সুৰজ আৰু সুশান্তৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতেই এতিয়া এই বিষয়টোক লৈ থকা সম্পূৰ্ণ সঁচা বাহিৰ অহা দেখিবলৈ পোৱা গৈছে। সুৰজ পাঞ্চালীয়ে এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত অভিনেতা গৰাকীয়ে কয় যে সুশান্তক তেওঁ অতি কমেও দুবাৰহে মাত্ৰ লগ পাইছিল আৰু তেওঁলোকৰ মাজত কোনোধৰণৰ সংঘাত নাছিল। সুৰজে কয় যে, “আমি এজনে আনজনক “ভাই” সম্বোধন কৰিছিলো। তেওঁ মোক “সৰু ভাতৃ” আৰু মই তেওঁক এগৰাকী মোতকৈ জ্যেষ্ঠ অভিনেতা হিচাপেই সন্মান কৰিছিলো।”

সুৰজ পাঞ্চালী আৰু সুশান্তৰ মাজত আছিল গভীৰ ভাতৃত্ববোধঃ 2


ইয়াৰ লগতে তেওঁ কয় যে, “আমাৰ প্ৰথম দেখা-দেখি হৈছিল ৰামনগৰৰ একটিং ক্লাছত, তাৰ পিছত আমি এজন বন্ধুৰ ঘৰত লগ হৈছিলো আৰু তেতিয়াই আমি দুয়োজনে দুয়োজনৰ নম্বৰ লৈছিলো। সুশান্তে মোক তেওঁৰ “ৰাৱতা” ছবিখনৰ স্ক্ৰীণিঙত মাতিছিল।” ইয়াৰ লগতে সুৰজে সুশান্তৰ পূৰ্ব মেনেজাৰ দিশা সালিয়নৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই বুলি স্পষ্ট কৰাৰ লগতে তেওঁৰ ওপৰত যে মিছা আৰোপ লগোৱা হৈছে তাৰ কথাও বাখ্যা কৰে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform