Rupaliparda.com
"মই কোনো হিৰো'ৰ কথা মতে চলা-ফুৰা কৰা নাছিলো"-ৰবীনা টেণ্ডন 1

“মই কোনো হিৰো’ৰ কথা মতে চলা-ফুৰা কৰা নাছিলো”-ৰবীনা টেণ্ডন

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বিভিন্ন জন চিলেব্ৰেটীয়ে নিজ নিজ কথা দাঙি ধৰা দেখিবলৈ পোৱা গৈছিল; যাৰ ভিতৰত এগৰাকী আছিল ৰবীনা টেণ্ডন। অভিনেতা গৰাকীৰ মৃত্যুৰ পিছতে টুইট যোগে বিভিন্ন ধৰণৰ কথা কৈছিল ৰবীনাই। শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰতো ৰবীনাই এনে কিছু কথাৰ বাখ্যা কৰে যাক শুনাৰ পিছতেই বৰ্তমান খলকনি লাগিছে সচেতন মহলত। তেওঁ কয় যে, “মোৰ কোনো গডফাদাৰ নাই, মই কোনো ধৰণৰ গোটৰো সদস্য নাছিলো আৰু মোৰ বাবে কোনো অইন অভিনেতাই প্ৰচাৰো চলোৱা নাছিল। মই কাম পাবলৈ কাৰো সৈতে শুবলৈ যোৱা নাছিলো অথবা কোনো গৰাকী অভিনেতাৰ সৈতে মোৰ কোনো সম্পৰ্কও নাছিল। মই কোনো হিৰো’ৰ কথা মতে চলা-ফুৰা কৰা নাছিলো।” ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকীও একাংশ এনে মহিলা সাংবাদিকৰ ওপৰত নিজ ক্ষোভ ব্যক্ত কৰে যিয়ে সেইটো সময়ত তেওঁৰ লগ দিয়া নাছিল। যিসকলে নাৰী সৱলীকৰণৰ কথা কয় নাৰীৰ বিৰুদ্ধেই লিখে তেওঁলোকক লৈ খং ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে।

"মই কোনো হিৰো'ৰ কথা মতে চলা-ফুৰা কৰা নাছিলো"-ৰবীনা টেণ্ডন 2


অভিনেত্ৰী ৰবীনা টেণ্ডনে পূৰ্বেও টুইট যোগে প্ৰকাশ কৰিছিল যে ইণ্ডাষ্ট্ৰীটোত কিছু লোক এনেও থাকে যিয়ে বেলেগক আঁতৰাই ছবিখনত নিজৰ প্ৰেয়সীক অন্তৰ্ভূক্ত কৰি লয়। কোনো লোকে এইবোৰ সহ্য কৰে আৰু কোনোৱে এইবোৰ সহ্য কৰিব নোৱাৰে বুলি প্ৰকাশ কৰিছিল অভিনেত্ৰী গৰাকীয়ে। তেওঁ কৈছিল যে, “মোক যিমান তল পেলাবলৈ চেষ্টা কৰা হৈছিল সিমানে মই ওপৰলৈ উঠিছিলো আৰু নিজক লৈ যুঁজিছিলো। লেতেৰা ৰাজনীতি সকলোতে হয়।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.