Rupaliparda.com
জুবিন গাৰ্গ কিয় ফাঁচী দিবলৈ ক'লে গৰিমাই? 1

জুবিন গাৰ্গ কিয় ফাঁচী দিবলৈ ক’লে গৰিমাই?

চচিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ হাৰ্টথ্ৰৱ জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। স্বামী লগতে হাৰ্টথ্ৰৱ গৰাকীক ৰাজপথতে ফাঁচী দিয়াৰ কথা ব্যক্ত কৰে গৰিমা গাৰ্গে; বিতৰ্কিত “কা” বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা জুবিন গাৰ্গৰ চৰকাৰৰ সৈতে হোৱা ঘনিষ্ঠতাত এতিয়া চকু দিছে একাংশ জনসাধাৰণে। বিগত দিনৰ পৰা শিল্পী গৰাকীক সমালোচনাও কৰিছে একাংশই। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত শিল্পী গৰাকীৰ কৃষিমন্ত্ৰী অতুল বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ তথা জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে ঘোষণা কৰা কথাটোৱে বৰ্তমান খলকনিৰ সৃষ্টি কৰিছে। চচিয়েল মিডিয়াত হোৱা বিতৰ্ক তথা সমালোচনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে গৰিমাই লিখে যে, ” ক’ব নালাগে। জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচী দিয়া ব্যৱস্থা কৰক”।

জুবিন গাৰ্গ কিয় ফাঁচী দিবলৈ ক'লে গৰিমাই? 2
জুবিন গাৰ্গ কিয় ফাঁচী দিবলৈ ক'লে গৰিমাই? 3


ইয়াৰ কিছু দেৰি পিছতেই কিন্তু তেওঁ নিজ পোষ্টটো নিজৰ ওৱালৰ পৰা আঁতৰাই পেলায়। উল্লেখ্য যে, জুবিন গাৰ্গে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱ অনাৰ চেষ্টা কৰিছিল য’ত আমাৰ শস্য আমাৰেই হৈ ৰ’ব। কেইবাগৰাকীও নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ স্বাৰ্থত তেওঁ এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা স্পষ্ট কৰিছিল। বৃন্দাবন মাৰ্ট স্থাপন কৰা বাবে শিল্পী গৰাকীয়ে চেষ্টা চলাই থকা বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.