বৰ্তমান সংগীত ক্ষেত্ৰখনত ইটোৰ পিছত সিটো গীতেৰে নিজ নাম উজ্বলাই ৰাখিছে নৱপ্ৰজন্মই। এনে নৱপ্ৰজন্মৰ মাজৰ এজন হৈছে সান্নিধ্য ভূঞা; ১৯৯৯ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা এই গৰাকী সংগীত শিল্পীৰ নাম বৰ্তমান প্ৰায়বোৰ গীততেই দেখিবলৈ পোৱা যায়। সংগীত পৰিচালক তথা কন্ঠশিল্পী হিচাপে নিজক গঢ় দিয়া এইগৰাকী শিল্পীক আগন্তুক সময়লৈও কেইবাটাও গীতৰ সৈতে দেখিবলৈ পোৱা যাব বুলি ইতিমধ্যে জানিব পৰা গৈছে। মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত একাংশ নৱপ্ৰজন্মৰ কৰ্মৰ প্ৰতি থকা স্পৃহা, প্ৰতিভাই প্ৰায় জনসাধাৰণকে আপ্লুত কৰি ৰাখিছে। আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমাৰ সৈতে আছে এইগৰাকী নৱপ্ৰজন্মৰ সংগীত পৰিচালক লগতে কন্ঠশিল্পী সান্নিধ্য ভূঞা; তেওঁৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত জনালে বহু কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ বৰ্তমান সময়ৰ এক জনপ্ৰিয় নাম হৈ পৰিছে সান্নিধ্য ভূঞা; দৰ্শকক আপ্লুত কৰাৰ কেনে পৰিকল্পনা হাতত লৈছে?
সান্নিধ্য ভূঞাঃ দৰ্শকক আপ্লুত কৰাৰ স্বাৰ্থত মই গীত নাগাওঁ আৰু গাবলৈও মই ইচ্ছা নকৰো লগতে দৰ্শকক আপ্লুত কৰাৰ বাবে গীতো ৰচনা নকৰোঁ। ব্যক্তিবিশেষৰ জীৱনৰ ওপৰত আধাৰিত অথবা জীৱনত প্ৰয়োজন হোৱা বিষয় বা অনুভৱ একোটা মোৰ গীতৰ মাজেৰে মই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো। বজাৰকেন্দ্ৰিক সৃষ্টিয়ে চাৰিওফালে আজি ছানি ধৰিছে; মোৰ লক্ষ্য আৰু উদ্দেশ্য জীৱনকেন্দ্ৰিকহে।

প্ৰশ্নঃ এগৰাকী “শিল্পী” ৰ সংজ্ঞা আপোনাৰ মতে কি?
সান্নিধ্য ভূঞাঃ মোৰ মতে, উচ্ছাংগ জীৱনবোধ জাগ্ৰত কৰা তথা মানবীয় প্ৰমূল্যবোধৰ স্বাৰ্থত যি শিল্পসাধনা কৰে, তেওঁৱেই এগৰাকী শিল্পী। গীত, নৃত্য, নাট আদি একমাত্ৰ আনন্দদানৰ মাধ্যম নহয় বৰং জীৱনক গঢ়ি তোলাৰ স্বাৰ্থত ব্যৱহৃত একোটা উপাদান ।

প্ৰশ্নঃ এটা গীতত থকা কি উপাদানে দৰ্শকক আকৰ্ষণ কৰিব বুলি আপুনি ভাৱে?
সান্নিধ্য ভূঞাঃ এটা গীতত প্ৰয়োজনীয় সুৰ সংগীতৰ কথাটো থাকিবই; তাৰ লগতে আহিব এটা গীতৰ বিষয়বস্তু।গীত একোটাৰ গভীৰতা তথা গধুৰতা হৈছে ইয়াৰ বিষয়বস্তুটো; প্ৰকাশভংগীৰ সাংগীতিক দক্ষতা অৱশ্যে একোজন সংগীত শিল্পীৰ মাজত থাকিব লাগিব ।

প্ৰশ্নঃ ভৱিষ্যত কোন গৰাকী কন্ঠশিল্পীৰ সৈতে কাম কৰিবলৈ মন?
সান্নিধ্য ভূঞাঃ বৰ্তমান মোৰ তেনেধৰনৰ কোনো পৰিকল্পনা নাই; প্ৰতিজন সংগীতকাৰৰ সৈতে মোৰ কাম কৰাৰ মন; প্ৰত্যেকজনৰ পৰা শিকিবলৈ মন আছে।
প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।
সান্নিধ্য ভূঞাঃ পৰিকল্পনাটো যথেষ্ট আছে; তাৰ ভিতৰত এটা উল্লেখনীয় পৰিকল্পনা হৈছে আমাৰ পূৰণি যিসমূহ গীত জ্যোতি সংগীতৰ পৰা ভূপেন্দ্ৰ, ৰাভ সংগীত সমূহক নতুন সংগীত ব্যৱস্থাপনাৰে মই জনসাধাৰণৰ মাজলৈ আগবঢ়াবলৈ বিচাৰিছো। ইয়াৰ উপৰিও, লোকসংগীত যিসমূহ আছে আমাৰ তাৰেই কিছু সুৰ, সংগীত সমূহ লৈ মই নিজৰ গীতত ৰাখিবলৈ প্ৰয়াস কৰিছো। আচলতে,এইটো থকাটো মই প্ৰয়োজনীয় বুলি ভাবিছো। পৰিকল্পনা বুলিবলৈ এইখিনিয়ে……

… ধন্যবাদ সান্নিধ্য। আগন্তুক প্ৰতিটো পৰিকল্পনাৰ বাবে শুভকামনা জনাইছো।
সান্নিধ্য ভূঞাঃ ধন্যবাদ।
Add comment