Rupaliparda.com
"গানত থকা কেৱলমাত্ৰ এটা উপাদানেৰে শ্ৰোতাক আকৰ্ষণ কৰিব নোৱাৰি"- ৰিতুপম লস্কৰ 1

“গানত থকা কেৱলমাত্ৰ এটা উপাদানেৰে শ্ৰোতাক আকৰ্ষণ কৰিব নোৱাৰি”- ৰিতুপম লস্কৰ

“তুমি যেন জোনাকী” বুলি কৈ দিয়াৰ লগে লগে নৱপ্ৰজন্মৰ মাজৰে এগৰাকী কন্ঠশিল্পীৰ সেই বিশেষ গীতটি লৈ মনত পৰি যায়। নহয়নে? গীতটিয়ে বাৰুকৈয়ে আকৰ্ষণ কৰিছিল শ্ৰোতা-দৰ্শকক। অসম প্ৰতিভাৰ ক্ষেত্ৰত কোনো ফালেই পিছপৰা নহয়; প্ৰায়ে প্ৰতিখন ক্ষেত্ৰত একোজন নৱপ্ৰজন্মই কৰা প্ৰচেষ্টা লেখত ল’বলগীয়া। ৰিতুপম লস্কৰ; এজন নৱপ্ৰজন্মৰ কন্ঠশিল্পী। সৰুতেই মাক-দেউতাকৰ কথা শুনি গান গাবলৈ আৰম্ভ কৰা ৰিতুপমে লাহে-ধীৰে আগবাঢ়িছে এই সংগীত ক্ষেত্ৰখনৰ দিশে; তেওঁক সংগীত ক্ষেত্ৰখনত আৰম্ভ কৰা যাত্ৰাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “সংগীত ক্ষেত্ৰখনত আচলতে মোৰ যাত্ৰা এতিয়ালৈকে আৰম্ভ হোৱা নাই; এই যাত্ৰাটো আৰম্ভ কৰিবলৈ বৰ্তমান নিজক সাজুহে কৰি তুলিছো। মা-দেউতাই গান গাবলৈ যথেষ্ট উৎসাহ দিছিল; স্কুল বা যেতিয়া ওচৰে-পাজৰে ক’ৰবাত ফাঞ্চনবোৰ হয় তাত গীত পৰিৱেশন কৰিছিলো যদিও সৰুতে সংগীতৰ প্ৰতি মোৰ বৰ বেছি ৰাপ নাছিল কিন্তু লাহে-লাহে যেতিয়া মই নিজেই গীত শুনিবলৈ ল’লো; বিভিন্ন ধৰণৰ গীত শুনি মই ভাল পোৱা হ’লো। গীত গাই মোৰ কিছু অভিজ্ঞতাও গোট খালে গতিকে ক্ৰমান্বয়ে মইও এই ক্ষেত্ৰখনত সোমাই পৰিলো।”


এটা সংগীতৰ কোনটো উপাদানক লৈ দৰ্শকৰ কাষ চাপিবলৈ বিচাৰে বুলি কৰা ৰূপালীপৰ্দাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “গানত থকা কেৱলমাত্ৰ এটা উপাদানেৰে শ্ৰোতাক আকৰ্ষণ কৰিব নোৱাৰি। সুৰ, কন্ঠ, কথা, সংগীত এই আটাইকেইটা এটা উচ্চ মানদণ্ডৰ সংগীত সৃষ্টিৰ ক্ষেত্ৰত প্ৰয়োজনীয়। কিন্তু, এবাৰ মোৰ এই বিষয়ে তৰালী শৰ্মা বাৰ সৈতে হোৱা কথা-বতৰা যোগে তেওঁ মোক কৈছিল যে এটা সংগীত যেতিয়া প্ৰথমে শ্ৰোতাৰ কাণত পৰে তেতিয়া ইয়াৰ দুটা বস্তু হৈছে “মিউজিক” আৰু “সুৰ” টো। গীতটোৰ সুৰটো যদি শ্ৰোতাৰ পচন্দ হয় তেতিয়াহ’লে গানটোৰ কথাখিনিলৈ শ্ৰোতাগৰাকীয়ে যাবলৈ বিচাৰে; গতিকে শ্ৰোতাৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ হ’লে এটা গানৰ “সুৰ” ভাল হোৱাটো অতিকৈ প্ৰয়োজনীয়। কিন্তু মোৰ বিষয়ত মই এটা গীত নিৰ্মাণত প্ৰতিটো বস্তুতেই মনোনিৱেশ কৰিবলৈ বিচাৰো।” আগন্তুক প্ৰকল্পৰ বিষয়ে জনাই শিল্পী গৰাকীয়ে কয় যে, শেহতীয়াকৈ মই এটা গান কৰিছিলো “নিশাৰ আকাশ বুলি।

"গানত থকা কেৱলমাত্ৰ এটা উপাদানেৰে শ্ৰোতাক আকৰ্ষণ কৰিব নোৱাৰি"- ৰিতুপম লস্কৰ 2
"গানত থকা কেৱলমাত্ৰ এটা উপাদানেৰে শ্ৰোতাক আকৰ্ষণ কৰিব নোৱাৰি"- ৰিতুপম লস্কৰ 3


গীতটি “লক-ডাউন” অথবা “ক’ৰোণা ভাইৰাছ” ৰ বাবে মই লিৰিকেল ভিডিঅ’ হিচাপেই মুক্তি দিবলগীয়া হৈছিল। কিন্তু, অলপতে মোৰ ঘৰ বিশ্বনাথ চাৰিআলিতেই থাকি মই গীতটিৰ ভিডিঅ’টো সম্পূৰ্ণ কৰিলো। বৰ্তমান গীতটিৰ সম্পাদনাৰ কাম চলি আছে আৰু ই দুই এদিনতে মুক্তি লাভ কৰিব। ইয়াৰ উপৰিও, চুটি ছবি কেইখন মানৰ চিত্ৰনাট্য প্ৰস্তুত কৰি থোৱা আছে গতিকে মই তাতো অভিনয় কৰিম। সংগীতৰ সমান্তৰালকৈ অভিনয়ৰ সৈতেও জড়িত বাবেই মই এতিয়া দুইফালে কাম কৰি থকাৰ প্ৰয়াস কৰিছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform