Rupaliparda.com
পিতৃ দুহাতে আনে সাহস; কিন্তু ইয়াত ব্যতিক্ৰম! কমল পৰাণৰ "নিনাদ" ৰ জনপ্ৰিয়তাঃ 1

পিতৃ দুহাতে আনে সাহস; কিন্তু ইয়াত ব্যতিক্ৰম! কমল পৰাণৰ “নিনাদ” ৰ জনপ্ৰিয়তাঃ

একোখন চুটি ছবিৰ একোটা কাহিনীয়ে বৰ্তমান সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে। বিষয়বস্তুৰ সৰলতা অথবা তাৰ উপস্থাপন শৈলী আদিবোৰো লেখত ল’বলগীয়া। প্ৰায়ে একোখন চুটি ছবিয়ে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ উপৰিও কিবা এটা বাৰ্তা প্ৰেৰণৰ স্বাৰ্থত ই প্ৰায়ে নিজ চেষ্টা অব্যাহত ৰাখিছে। কথাতে কয়, এগৰাকী পিতৃৰ দুহাত ওপৰত থাকিলে জীয়াই থাকিবলৈ ব্যক্তি বিশেষৰ উৎসাহ বাঢ়ে; আগবাঢ়ি যাবলৈ সাহসৰ সৃষ্টি হয়। এনে পিতৃক বিচাৰিয়ে কন্যাই কৰা সন্ধানৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছিল এখন চুটি ছবি “নিনাদ”। বৰ্তমান সময়ত চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা একাংশ চুটি ছবিতকৈ অকণমান বেলেগ প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে “নিনাদ”; বিগত ১০ বছৰৰ পৰা এগৰাকী পিতৃ আৰু স্বামীৰ মুখ নেদেখা মাতৃ গৰাকীৰ শেষ ইচ্ছা পূৰণৰ স্বাৰ্থত নিৰ্মাণ কৰা “নিনাদ” ত সন্নিৱিষ্ট কৰা হৈছে এক হৃদয়স্পৰ্শী কাহিনীৰ। দেশত চলা এটা একেবাৰেই সুলভ বাতৰি হৈছে “ধৰ্ষণ”; এতিয়া নিশ্চয় আপোনালোকে ভাবিছে যে পিতৃ অথবা এগৰাকী কন্যাৰ সৈতে কিয় এই “ধৰ্ষণ” ৰ বিষয়টোক টানি অনা হৈছে। সেয়া আপোনালোকে নিশ্চয় চুটি ছবিখন উপভোগ কৰিলেই বুজি উঠিব।

পিতৃ দুহাতে আনে সাহস; কিন্তু ইয়াত ব্যতিক্ৰম! কমল পৰাণৰ "নিনাদ" ৰ জনপ্ৰিয়তাঃ 2
পিতৃ দুহাতে আনে সাহস; কিন্তু ইয়াত ব্যতিক্ৰম! কমল পৰাণৰ "নিনাদ" ৰ জনপ্ৰিয়তাঃ 3


একাদিক্ৰমে চলি থকা চুটি ছবিখনৰ কাহিনীভাগত পৰিচালক গৰাকীয়ে সৃষ্টি কৰা টুইষ্টে অধিক দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে চুটি ছবিখন কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত মনোনীত হৈ প্ৰশংসা লাভ কৰিবলৈও সক্ষম হৈছে। “মিৰাজ” চুটি ছবিখনৰ পৰিচালনাৰ পিছতেই “নিনাদ” পৰিচালনা কৰিছিল কমল পৰাণে। “ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল” ত উক্ত চুটি ছবি “মিৰাজে” লাভ কৰিছিল বঁটা। উক্ত ১৪ মিনিট ২৭ চেকেণ্ড দৈৰ্ঘ্যৰ চুটি ছবিখনত ধাৰাবাহিকতা সুন্দৰ ৰূপত অব্যাহত ৰাখি ইয়াৰ উপস্থাপন শৈলী মন কৰিবলগীয়া। চিদা বৰাৰ চিনেমেটো’গ্ৰাফীৰে ইয়াৰ সম্পাদনা ধীৰাজ মজুমদাৰৰ; আৱহ সংগীতৰ লগতে চাউণ্ড ডিজাইন জিতু কলিতাৰ।

পিতৃ দুহাতে আনে সাহস; কিন্তু ইয়াত ব্যতিক্ৰম! কমল পৰাণৰ "নিনাদ" ৰ জনপ্ৰিয়তাঃ 4


এইচ জি এমচৰ নিবেদনত নিৰ্মিত এই চুটি ছবিখনৰ প্ৰযোজক হৰগোবিন্দ মহন্ত আৰু কাৰ্যবাহী প্ৰযোজক মৃদুস্মিতা চৌধুৰীৰ। চুটি ছবিখনত অন্তৰ্ভূক্ত গীতৰ পৰিচালনা আৰু ইয়াত কন্ঠদান কৰিছে অৰূপজ্যোতি বৰুৱাই; গীতটিত কথা ৰাহুল গৌতম শৰ্মাৰ। ইয়াত চাউণ্ড মিক্সিং পিংকু দাসৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.