Rupaliparda.com
"তুমি সুবাস" ৰ পিছত এইবাৰ নিখিল জ্যোতি শৰ্মাৰ "উশাহ"- 1

“তুমি সুবাস” ৰ পিছত এইবাৰ নিখিল জ্যোতি শৰ্মাৰ “উশাহ”-

“তুমি সুবাস” ৰ বহুল জনপ্ৰিয়তাৰ পিছত নিখিল জ্যোতি শৰ্মাৰ কন্ঠৰে এইবাৰ দৰ্শকৰ মাজলৈ আহিছে আন এটি গীত “উশাহ”। পূৰ্বৰ গীতটিৰ দৰেই এই গীতটিয়েও বৰ্তমান আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে শ্ৰোতাক। থলুৱা গীতৰ গৱেষণা কৰি থকা নিখিলৰ একোটি গীতত বৰ্তমান জনপ্ৰিয়তাৰ মোহৰ লগা দেখা গৈছে। সংগীতৰ ক্ষেত্ৰখনত বহু নৱপ্ৰজন্মৰ অন্তৰ্ভূক্তি হৈছে; ইয়াৰ মাজত এনে একাংশও আছে যাৰ গীতে শ্ৰোতাৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হয়। সদ্যমুক্তিপ্ৰাপ্ত “উশাহ” শীৰ্ষক গীতটিত কথা বুদ্ধ জ্যোতি বেজবৰুৱাৰ আৰু ইয়াত কন্ঠদান কৰাৰ লগতে পৰিচালনা কৰিছে সান্নিধ্য ভূঞা আৰু নিখিল জ্যোতি শৰ্মাই। গীতটিত সংগীত দিয়াৰ লগতে শব্দ সংমিশ্ৰণ কৰিছে তাৱৰিডে। অলপতে, সান্নিধ্য ভূঞাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ সংগীতৰ বিভিন্ন কথা জনাইছিল। জীৱনকেন্দ্ৰিক গীত নিৰ্মাণত বিশ্বাস সান্নিধ্য ভূঞা আৰু নিখিলৰ যুঁটিটোৱে আচলতে দৰ্শকৰ অথবা শ্ৰোতাৰ যে কাষ চাপিছে সেই কথাও নুই কৰিব নোৱাৰি। ৰূপালীপৰ্দাৰ সৈতে হোৱা সাক্ষাৎকাৰত যেতিয়া দুয়োজন শিল্পীকে এটি গীতৰ কোনটো উপাদানত গুৰুত্ব দিয়ে বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া নিখিল কৈছিল যে,


“বিশেষকৈ, এটি গীতৰ মনকৰিবলগীয়া বিষয়টো হ’ল ইয়াত থকা “কথা”। যদি গীতটোৰ কথাই ভাল নহয় তেতিয়া গীতটোক লৈ শ্ৰোতাই প্ৰকৃত অনুভৱটো নাপায়। কথাৰ পিছতেই আহে গীতটিৰ পৰিচালনা; গীতটিত থকা কথাখিনিৰ উপৰিও ইয়াত থকা সুৰ আৰু সংগীতটো যদি হৃদয়স্পৰ্শী হয় তেনেহ’লে ইয়াক শ্ৰোতাই একেবাৰতেই আকোঁৱালি ল’ব বিচাৰে। মোৰ গীত সমূহত আচলতে মই এইকেইটা উপাদানৰ ওপৰত অধিক প্ৰাধান্য দিওঁ।” এইক্ষেত্ৰত আকৌ সান্নিধ্যই দিয়া উত্তৰটো আছিল এনেধৰণৰ “এটা গীতত প্ৰয়োজনীয় সুৰ সংগীতৰ কথাটো থাকিবই; তাৰ লগতে আহিব এটা গীতৰ বিষয়বস্তু।গীত একোটাৰ গভীৰতা তথা গধুৰতা হৈছে ইয়াৰ বিষয়বস্তুটো; প্ৰকাশভংগীৰ সাংগীতিক দক্ষতা অৱশ্যে একোজন সংগীত শিল্পীৰ মাজত থাকিব লাগিব ।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.