বলীউড কুইন কংগনা ৰাণাওঁটক মনোৰঞ্জন জগতখনৰ বাতৰিৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰা দেখিবলৈ পোৱা গৈছে। তেওঁৰ কথা লগতে অইনক দিয়া চিধা উত্তৰে প্ৰায়ে তেওঁক বাতৰিৰ শিৰোনামলৈ টানি আনে। নেপোটিজিম অথবা ইণ্ডাষ্ট্ৰীটোত থকা ভালপোৱা/বেয়া পোৱাক লৈ প্ৰায়ে নিজৰ মন্তব্য স্পষ্ট ৰখা অভিনেত্ৰী কংগনাই এইবাৰ এক টুইটযোগে ৰণৱীৰ কাপুৰ আৰু দীপিকা পাডুকনৰ ওপৰত আৰোপ লগোৱাৰ উপৰিও আপত্তিজনক ভাষাৰ ব্যৱহাৰ কৰে। অভিনেত্ৰী গৰাকীয়ে ৰণৱীৰ কাপুৰক “Serial Skirt Chaser” ৰ আখ্যা দিয়াৰ লগতে দীপিকাক উদ্দেশ্যি কয় যে, “দীপিকা এগৰাকী মানসিক ৰোগী; কিন্তু তেওঁক কোনেও “চাইকো” ৰ আখ্যা নিদিয়ে। এই নামটো কেৱল মাত্ৰ সামান্য বাহিৰৰ পৰা অহা লোকৰ বাবেহে সংৰক্ষণ কৰি ৰখা হৈছে।” উক্ত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীৰ বিষয়ে কোৱাৰ লগতে কংগনাই তেওঁলোকক কোনেও একো ক’ব নোৱাৰে বুলিও ব্যক্ত কৰে।

এই টুইটটোৰ পিছতেই বৰ্তমান খলকনি লাগিছে চচিয়েল মিডিয়াত। প্ৰতিজনে প্ৰত্যেকধৰণৰ প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছে। কংগনাই সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত সক্ৰিয় ৰূপত থিয় হৈ এজন এজনকৈ বি-টাউৰন অভিনেতা-অভিনেত্ৰীৰ ওপৰত আৰোপ লগাই আহিছে। কিছুদিন পূৰ্বে এই কাজিয়াখন দেখিবলৈ পোৱা গৈছিল কংগনাৰ লগত তাপসি পান্নু আৰু স্বৰা ভাস্কৰৰ।
Add comment