Rupaliparda.com
২০ বছৰ পূৰ্বৰ পৰা চেষ্টা কৰা অনুৰাগীলৈ ৰিপ্লাই অক্ষয় কুমাৰৰঃ 1

২০ বছৰ পূৰ্বৰ পৰা চেষ্টা কৰা অনুৰাগীলৈ ৰিপ্লাই অক্ষয় কুমাৰৰঃ

একো একোজন অনুৰাগীৰ বাবেই জনপ্ৰিয় হৈ পৰে একোজন অভিনেতা। অনুৰাগীয়ে তেওঁৰ প্ৰিয় অভিনেতা অথবা অভিনেত্ৰী গৰাকীৰ সৈতে এখন ফটো উঠিবলৈ নহ’লেও তেওঁলোকৰ পৰা এটা চচিয়েল মিডিয়াত ৰিপ্লাই পোৱা খাতিৰত বহু কিবা কিবি চেষ্টা কৰা দেখিবলৈ পোৱা যায়। এতিয়া এনে এগৰাকী অনুৰাগীয়ে প্ৰায় ২০ বছৰ পূৰ্বৰ পৰাই নিজ প্ৰিয় অভিনেতা গৰাকীলৈ বাৰ্তা প্ৰেৰণ কৰে আৰু অপেক্ষা কৰে যাতে তেওঁক কোনোধৰণে ৰিপ্লাই কৰে। এইজন বিশেষ অনুৰাগীৰ প্ৰিয় অভিনেতা গৰাকী হৈছে অক্ষয় কুমাৰ; ২০ বছৰৰ পৰা অভিনেতা গৰাকীৰ বাবে অপেক্ষা কৰি ৰোৱা এই বিশেষ অনুৰাগী গৰাকীৰ অপেক্ষাৰ সাম কাটি তেওঁক জন্মদিনৰ শুভকামনা জনাইছে অভিনেতা অক্ষয় কুমাৰে।

https://twitter.com/akshaykumar/status/1292509587921281025?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1292509587921281025%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-akshay-kumar-fans-sooryavanshi-star-fan-have-been-sending-letters-and-message-for-rply-now-akshay-kumar-replied-on-it-20615474.html


অনুৰাগী গৰাকীয়ে লিখে যে, “এইবোৰ বহু দিনৰ পৰা আৰম্ভ হৈছিল, প্ৰায় ২০ বছৰৰ পৰা। এইবোৰ সকলো আপোনাৰ ঘৰৰ বাহিৰত চিঠি লিখাৰ পৰা আৰম্ভ হৈ টুইটাৰত সমাপ্ত হৈছিল। আশা কৰিছো, আপুনি মোক জন্মদিনৰ শুভকামনা জনাওঁক। ইয়াৰ পিছতেই অভিনেতা গৰাকীয়ে অনুৰাগী জনক তেওঁৰ জন্মদিনৰ শুভকামনা জনোৱাৰ লগতে আগন্তুক দিনত তেওঁৰ জীৱনলৈ হাঁহি আৰু সন্তোষ অহাৰ কথা বাখ্যা কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform