Rupaliparda.com
পুখুৰী বনাম ছুইমিং পুলঃ ৰবি শৰ্মাই মহানগৰীতে উপভোগ কৰিছে গাঁৱৰ সুখ- 1

পুখুৰী বনাম ছুইমিং পুলঃ ৰবি শৰ্মাই মহানগৰীতে উপভোগ কৰিছে গাঁৱৰ সুখ-

যিয়ে গাঁৱৰ প্ৰকৃতিৰ মধুৰ সোঁৱাদ নাই পোৱা অথবা যিয়ে কোনো গাঁৱৰ লোকৰ সৰলতাৰ সোঁৱাদ নাই পোৱা সেয়া একপ্ৰকাৰ দূৰ্ভগীয়া; মহানগৰীৰ বাসিন্দাৰ বাবে গাঁৱৰ কিছু সুলভ প্ৰাকৃতিক দৃশ্য উপভোগ কৰাটো তেনেই কঠিন। গাঁৱৰ পুখুৰীত গা ধোৱা অথবা মাছ মৰা আদি অনুভৱ বোৰ বাৰু আপোনালোক যিয়ে এতিয়ালৈ উপভোগ কৰা নাই তেওঁলোকে উপভোগ কৰিবলৈ নিবিচাৰেনে? ঠিক তেনেদৰেই এই সুন্দৰ অনুভৱটিক হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিছে বৰ্তমান অভিনেতা ৰবি শৰ্মাই; এগৰাকী পিতৃৰূপে নিজ সন্তানক গাঁৱৰ সুন্দৰ সেউজীয়া পৰিৱেশৰ সেই সুন্দৰ অনুভৱটোক দিবলৈ চেষ্টা কৰিছে এতিয়া অভিনেতা গৰাকীয়ে। কেৱল মাত্ৰ পিতৃ দায়িত্ব বুলিয়ে নহয়; সমাজ অথবা নিজৰ ৰাজ্যখনৰ বিভিন্নটা পৰিয়ালৰ প্ৰতিও নিজ দায়িত্ব স্বীকাৰ কৰি নিৰবিচ্চিন্ন সেৱাত বৰ্তি থাকে অভিনেতা ৰবি শৰ্মা। ৰবি শৰ্মা এনে এগৰাকী অভিনেতা যি গৰাকীয়ে সমাজৰ প্ৰায় প্ৰতিটো বিষয়তে সক্ৰিয়তাৰে থিয় হৈ মাত মাতে। জনসাধাৰণৰ অধিকাৰ অথবা তেওঁলোকৰ হৈ মাত মাতিবলৈ সদায় প্ৰস্তুত এই অভিনেতাগৰাকীয়ে নিজাববীয়াকৈ বিভিন্ন অসহায় লোকক পূৰ্বৰে পৰা সহায় আগবঢ়াই আহিছে।

পুখুৰী বনাম ছুইমিং পুলঃ ৰবি শৰ্মাই মহানগৰীতে উপভোগ কৰিছে গাঁৱৰ সুখ- 2


বানপানীক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কোনো গুৰুত্ব প্ৰদান নকৰাৰ উপৰিও অসমৰ বান সমস্যাক “ৰাষ্ট্ৰীয় সমস্যা” ঘোষিত নকৰাৰ বাবে অভিনেতা গৰাকীয়ে কিছু দিন পূৰ্বে এটি ষ্টেটাছ যোগে কয় যে, “অসমৰ সম্পদ সমূহক যেতিয়া “ৰাষ্ট্ৰীয়” বুলি সম্বোধন কৰো তেতিয়াহ’লে আমাৰ সমস্যাটো কিয় “ৰাষ্ট্ৰীয়” সমস্যাৰ আখ্যা দিব পৰা নাযায়?” ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক উদ্দেশ্যি অভিনেতা গৰাকীয়ে কয়ে, “আপোনালোক বৰ্তমান যি বাতৰি প্ৰচাৰ কৰি আছে সেয়া আচলতে প্ৰকৃত “সাংবাদিকতা” নহয়, যি আপোনালোকে দেখুৱাই আছে সেয়া আচলতে আপোনালোকৰ “ভিউজ” হে; “নিউজ” নহয়।” ইয়াৰ লগতে ৰবি শৰ্মাই কয় যে, “মই আগতে ভাৱিছিলো যে হয়টো মোক অসমৰ বাহিৰটো কিছু লোকে চিনি পায়, কিন্তু মই বহুত দুখেৰে ক’বলগীয়া হৈছে যে আচলতে অসমৰ বাহিৰৰ লোকে ভালদৰে অসমখনকেই চিনি নাপায়।” এনেদৰে কিছু প্ৰশ্নৰ উত্থাপন কৰি অভিনেতা গৰাকীয়ে এটি ৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ প্ৰস্তুত কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform