Rupaliparda.com
অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ "অৱতাৰ"- 1

অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ “অৱতাৰ”-

ইলেক্ট্ৰনিক গীতৰ মাজতেই এইবাৰ ভক্তিমূলক গীতৰ সৈতে জনসাধাৰণৰ মাজলৈ আহিবলৈ সাজু হৈছে একাংশ যুৱপ্ৰজন্ম। আচলতে, প্ৰতিখন ক্ষেত্ৰৰ সৈতে নৱপ্ৰজন্ম এনেদৰে সাঙুৰ খাই পৰিছে যে ইয়াক লৈ গৌৰৱবোধ কৰিছে বৰ্তমান প্ৰতিজন জনসাধাৰণে। গুৰু দুজনাৰ অমূল্য সৃষ্টিৰ পৰা আৰম্ভ কৰি থলুৱা লোকগীত, আধুনিক গীতৰ পৰা আৰম্ভ কৰি স্তুতিমূলক গীতলৈ আটাইবোৰ ক্ষেত্ৰতে নৱপ্ৰজন্মৰ ন-ন প্ৰচেষ্টা লেখত ল’বলগীয়া। এইবাৰ যোৰহাটৰ বাঘমৰা অঞ্চলৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাত ইতিমধ্যে “অৱতাৰ” শীৰ্ষক এখন শ্ৰৱ্য সংকলন মুক্তিৰ চেষ্টা কৰিছে। এই এলবামটোত অন্তৰ্ভূক্ত “শিৱ শূলপাণি” শীৰ্ষক গীতটো ইউটিউব চেনেল Apex Studio ৰ জৰিয়তে মুক্তি লাভ কৰিছে।

অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ "অৱতাৰ"- 2
অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ "অৱতাৰ"- 3


Friends Forever নামে প্ৰডাকচন হাউচটোৰ বেনাৰত নিৰ্মিত এই এলবামটোৰ কাম চলি আছে যোৰহাট হাটীগড় স্থিত ষ্টুডিঅ’ মেলডীত। আগন্তুক সময়ত এই আটাইবোৰ ভক্তিমূলক গীতৰ সোঁৱাদ লাভ কৰিব অসমীয়া জনসাধাৰণে। এই গীতসমূহ লিখিছে ক্ৰমে দিব্য বৰা, মুনিন বৰা আৰু পৰাগ জ্যোতি শইকীয়াই। লগতে ইয়াত কন্ঠদান কৰিছে ক্ৰমে জনপ্ৰিয় শিল্পী ৰিন্তু শইকীয়া, সঞ্জয় বৰা, প্ৰণৱ দত্ত, পৰাগ জ্যোতি শইকীয়া, কল্যাণী দত্ত বৰা, অমৃত দত্ত আৰু হেমেন ৰাজ। গীতসমূহত জড়িত আন আন ব্যক্তিসকল হৈছে ঋতুৰাজ বৰা (পার্কচনিষ্ট), ঋতুপৰ্ণ বৰা(বাঁহী বাদক/ষ্টুডিও ৰেকৰ্ডিষ্ট), পৰাগ জ্যোতি শইকীয়া ( গীতিকাৰ/সুৰকাৰ), প্ৰাঞ্জল বৰা(খোল বাদক/ সম্পাদনা) , ৰক্তিম দত্ত (বাঁহী আৰু কীবর্ড ), নীলোৎপল বৰা (বাঁহী) । উল্লেখ্য যে, পেছাত এজন DJ percussionist হিচাপে মুম্বাইত প্ৰতিষ্ঠিত শিল্পী ঋতুৰাজ বৰাৰ সংগীতেৰে অসমৰ শ্ৰোতাক এক নতুন আৰু সুকীয়া সোৱাদ দিবলৈ চেষ্টা কৰিছে ।

অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ "অৱতাৰ"- 4
অইন নহয় এইবাৰ স্তুষ্টিমূলক গীতৰ সৈতে নৱপ্ৰজন্মৰ "অৱতাৰ"- 5


উক্ত শ্ৰৱ্য সংকলনটোৰ প্ৰথমটো গীতৰ পিছতেই ই বৰ্তমান আকৰ্ষণ কৰিছে সকলোকে। সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হৈ থকা ভিন ভিন উপাদানৰ গীত সমূহৰ সৈতে জড়িত নৱপ্ৰজন্মই নিজৰ দুগুণ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই ক্ষেত্ৰখনত কিবা এটা নতুন কৰাৰ। ইয়াৰ উপৰিও কল্যাণী দত্ত বৰাৰ কণ্ঠত ” কবিতা” শীৰ্ষক এটি আধুনিক গীতৰ কাম চলি আছে । লগতে পল্লব দত্তৰ কণ্ঠত বাউল আৰু অসমীয়া লোকগীতৰ সংমিশ্ৰণত নতুন এটি গীতৰ কাম চলি আছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform