Rupaliparda.com
ৰাতিৰ জোনাকৰ সাধু এতিয়া আহিব মোবাইললৈ; "বুঢ়ী আইৰ সাধু" ত এইবাৰ ব্যতিক্ৰমঃ 1

ৰাতিৰ জোনাকৰ সাধু এতিয়া আহিব মোবাইললৈ; “বুঢ়ী আইৰ সাধু” ত এইবাৰ ব্যতিক্ৰমঃ

ৰাতিৰ জোনাকৰ তলত বহি আইতাৰ মুখেৰে শুনা সাধু বোৰৰ পিছত তাক লৈ কল্পনা ৰাজ্যত জাঁহ যোৱা কথা এতিয়াও মনত আছেনে? আছে, এয়া প্ৰত্যেকৰে জীৱনৰ একেবাৰে সুলভ কাহিনী। আইতাৰ তামোল চুবাই থকা মুখখনৰ ফালে একেথৰে চাই থাকি তেওঁ কোৱা প্ৰতিটো কথাত গুৰুত্ব দিয়া সৰুতে আমাৰ অভ্যাসত পৰিণত হৈছিল। কিন্তু, বৰ্তমান এই “বুঢ়ী আইৰ সাধু” ক’ৰবাত যেন এলাগী হৈ পৰিছে। আজিৰ উঠি অহা প্ৰজন্মক “সাধু সাধু সাধু… খাই কঁঠালৰ বাদু” বুলি কৈয়ো আকৰ্ষণ কৰিব নোৱাৰি। বিজ্ঞানসন্মত গেজেট অথবা ইলেক্ট্ৰনিক বিভিন্ন বস্তুৰ ক্ষেত্ৰক লৈ ব্যস্ত আজিৰ নৱপ্ৰজন্ম। “পানেচৈ”, “মাখিয়ে মিঠৌ খালে”, “ঔ-কুঁৱৰী” ইত্যাদি সাধুবোৰ জনসাধাৰণৰ মনত এনেদৰে স্থিতি লাভ কৰিছে যে ইয়াৰ বিষয়ে যদি কেতিয়াবালৈ প্ৰশ্নও কৰা হয় তেতিয়াহ’লে ইয়াক লৈ তপৰাই উত্তৰ দিব পৰা যাব। এনে কিছু আৱেগক পুনৰ জীয়াই তুলিবলৈ এতিয়া একাংশ উদীয়মান যুৱপ্ৰজন্মই চলাইছে প্ৰচেষ্টা। বুঢ়ী আইৰ সাধুৰ ওপৰত ভিত্তি কৰি এইবাৰ মুকলি কৰা হ’ব এখন ৱেব চিৰিজ। সাধু বোৰত সোমাই থকা ৰসাল তথা আৱেগপূৰ্ণ কথাক পুনৰ এবাৰ জনসাধাৰণৰ মাজত দাঙি ধৰাৰ এক প্ৰচেষ্টা চলাইছে এতিয়া এই ছবি নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰা একেখন বিদ্যালয়ৰ ছাত্ৰ কেইজনে।

ৰাতিৰ জোনাকৰ সাধু এতিয়া আহিব মোবাইললৈ; "বুঢ়ী আইৰ সাধু" ত এইবাৰ ব্যতিক্ৰমঃ 2


মুঠ ৩০ টা খণ্ড যুক্ত এই ৱেব চিৰিজ খনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ মানসেৰে এই প্ৰচেষ্টা হাতত লোৱা হৈছে। “ৱেইষ্ট ফুটেজ” প্ৰডাকচনৰ নিবেদনত নিৰ্মিত এই ৱেব চিৰিজখন উপকন্ঠ বৰবৰুৱা অঞ্চলৰ ডিব্ৰুৱাল গাঁৱৰ নিবাসী লগতে গুৱাহাটী জ্যোতি চিত্ৰবনত প্ৰশিক্ষণপ্ৰাপ্ত আকাশদীপ গগৈৰ পৰিচালনাৰে সহকাৰী পৰিচালক সঞ্জীৱ গগৈ, নিহাৰ ৰঞ্জন চিনেমেটোগ্ৰাফী আৰু গৌতম বৰুৱাৰ সংগীতেৰে নিৰ্মাণ কৰা হ’ব এই ৱেব চিৰিজ খন। ইতিমধ্য বুঢ়ী আইৰ সাধুৰ “পানেচৈ” কাহিনীৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি কিছুদিন পূৰ্বে ইয়াৰ শুভাৰম্ভ কৰা হৈছিল। ৱেব চিৰিজ সমূহৰ অধিক প্ৰাধান্য থকা সময়ছোৱাতে “বুঢ়ী আইৰ সাধু” ৰ দৰে এক কনচেপ্টে এতিয়া সকলোৰে উৎসাহ বৃদ্ধি কৰিছে।

ৰাতিৰ জোনাকৰ সাধু এতিয়া আহিব মোবাইললৈ; "বুঢ়ী আইৰ সাধু" ত এইবাৰ ব্যতিক্ৰমঃ 3


উক্ত জনপ্ৰিয় বুঢ়ী আইৰ সাধু কিতাপখনৰ আলম লৈ নিৰ্মাণ হোৱা এনে ৱেব চিৰিজ অসমত নিৰ্মাণ হোৱা এয়াই হৈছে প্ৰথম। যুৱপ্ৰজন্মৰ এনে প্ৰচেষ্টাত বৰ্তমান উৎকন্ঠা সমগ্ৰ অসমীয়া জনসাধাৰণৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform