Rupaliparda.com
চি.বি.আই তদন্তৰ আহ্বান জনাই ৰোষত বৰুণ ধৱনঃ 1

চি.বি.আই তদন্তৰ আহ্বান জনাই ৰোষত বৰুণ ধৱনঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ২ মাহ সম্পূৰ্ণ হোৱা পিছতো অব্যাহত আছে তেওঁৰ মৃত্যৰ বিষয়টোক লৈ চৰ্চা। তেওঁৰ মৃত্যুৰ বিষয়টো বৰ্তমানেও আছে সন্দেহৰ আৱৰ্তত; এই সন্দেহক মাৰ খেদোৱাবলৈয়ে চচিয়েল মিডিয়া যোগে অভিনেতা গৰাকীৰ অনুৰাগীয়ে বিচাৰিছিল চি.বি.আই তদন্তৰ বাবে অনুমতি। তেওঁৰ মৃত্যুৰ ২ মাহ সম্পূৰ্ণ হোৱাত পুনৰ বাৰ একাংশ চিলেব্ৰেটীয়ে সুশান্তৰ মৃত্যুৰ বিষয়টোক লৈ চি.বি.আই তদন্ত বিচাৰে। এই চিলেব্ৰেটী সমূহৰ মাজত এজন আছিল বৰুণ ধৱন; কিন্তু বৰুণ ধৱনৰ আৱেদনত বৰ্তমান প্ৰশ্ন উঠাইছে একাংশ জনসাধাৰণে। লগতে, এই অভিনেতা গৰাকী সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে। সুশান্তৰ ভগ্নীয়ে চি.বি.আই তদন্তৰ অনুৰোধ জনাই নিজ ভাতৃৰ অনুৰাগীক তেওঁলোকৰ কন্ঠস্বৰ টান কৰিবলৈ কৈছিল। আৰু, ইয়াৰ পিছতে কংগনা ৰাণাঁওট, অংকিতা লোখণ্ডে, কৃতি সেনন, সুৰজ পাঞ্চলী, পৰিণীতি চোপ্ৰা আদিয়ে এই বিষয়ত নিজ মাত দিয়ে।

চি.বি.আই তদন্তৰ আহ্বান জনাই ৰোষত বৰুণ ধৱনঃ 2


সুশান্তৰ বিষয়ত বিগত ২ মাহৰ অন্তত বৰুণ ধৱনে মাত মতাক লৈ সকলোৱে তেওঁৰ ওপৰত আঙুলি উঠোৱা দেখিবলৈ পোৱা গৈছে। একাংশই কয় যে, “বৰুণে হয়টো সড়ক ২ ৰ ট্ৰেইলাৰ সৈতে হোৱা পৰিস্থিতি দেখি ভয় খাইছে।” আনহাতে, একাংশই তেওঁক এতিয়া আৰু আগবাঢ়ি অহাৰ দৰকাৰ নাই বুলি মন্তব্য কৰে। সুশান্তৰ মৃত্যুৰ বিষয়টো যদিও চি.বি.আই ওচৰলৈ গৈছে তথাপিও বৰ্তমান ইয়াত চুপ্ৰীম কোৰ্টে নিজ মোহৰ লগাবলৈ বাকী আছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.