ভাৰতীয় ক্ৰিকেট টীমৰ পূৰ্ব কাপ্তান মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ক্ষেত্ৰত নিজ কেৰিয়াৰত বিৰাম লগোৱা পিছতেই খলকনিৰ সৃষ্টি হৈছিল সংবাদ মহলত। কিন্তু, ধোনীৰ অৱসৰ লোৱা কথাটোৰ পিছতেই এক ব্যতিক্ৰমী প্ৰচাৰ সমুখলৈ অহা দেখিবলৈ পোৱা গৈছে। য’ত বিজেপি নেতা সুব্ৰমন্যম স্বামীয়ে তেওঁক ৰাজনীতিত যোগদান কৰাৰ কথা প্ৰকাশ কৰে তাতেই আকৌ আন এক খবৰে চৰ্চা লাভ কৰিছে; খবৰ আহিছে মহেন্দ্ৰ সিং ধোনী মনোৰঞ্জন জগত খনলৈও হয়টো আহিব পাৰে। আচলতে, ২০১৯ চনৰ আগষ্ট মাহতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এনে এক বাতৰি প্ৰকাশ হৈছিল যে ধোনী বলীউড ক্ষেত্ৰখনলৈ ধাৱমান হ’ব পাৰে; কিন্তু সেয়া এগৰাকী অভিনেতা ৰূপে নহয়, এজন প্ৰযোজক ৰূপেহে। খবৰনুসৰি, ধোনীয়ে এনে কিছু বলীউডৰ প্ৰকল্প হাতত লৈছে যাৰ দ্বাৰা তেওঁ মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হ’বলৈ গৈ আছে।

উল্লেখ্য যে, ক্ৰিকেটাৰ গৰাকীৰ পূৰ্বৰে পৰা এই ক্ষেত্ৰখনৰ প্ৰতি টান থকা বুলি জানিব পৰা গৈছে। যেতিয়া নীৰজ গুপ্তাৰ ছবি “এম এচ ধোনী” ছবিখন মুক্তি লাভ কৰিছিল সেইটো সময়তে ক্ৰিকেটাৰ গৰাকীয়ে মনোৰঞ্জন ক্ষেত্ৰখনক সমুখৰ পৰা দেখিবলৈ পাইছিল। ধোনীৰ এয়া পচন্দ আছিল যদিও তেওঁ এক উপযুক্ত সময়ৰ বাবে ৰৈ থকা বুলি প্ৰকাশ কৰা হৈছে। এয়া বৰ্তমান সময়ৰ চৰ্চাৰ বিষয় হৈ পৰিছে যদিও এই বিষয়ত কোনোধৰণৰ মন্তব্য কৰা নাই ক্ৰিকেটাৰ গৰাকীয়ে।
Add comment