Rupaliparda.com
"উজাগৰী" ৰ জনপ্ৰিয়তা অব্যাহতঃ 1

“উজাগৰী” ৰ জনপ্ৰিয়তা অব্যাহতঃ

সদ্যমুক্তিপ্ৰাপ্ত এটি গীত “উজাগৰী” ৰ লিৰিকেল ভিডিঅ’ৰ বহুল সফলতাৰ পিছত এইবাৰ জনপ্ৰিয়তাৰ কাষ চাপিছে এই গীতটিৰেই আন ভিডিঅ’ সংস্কৰণটোৱেও। একাংশ নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে নিৰ্মিত গীতটিত বৰ্তমান মোহৰ লাগিছে জনপ্ৰিয়তাৰ। “কভাৰ” সমূহেৰে সংগীত প্ৰেমী শ্ৰোতাৰ কাষ চপা নিখিল ৰয়ৰ কন্ঠৰে লগতে নিজ সংগীতত থলুৱা কৃষ্টি-সংস্কৃতিৰ ৰহণ সনা দেৱৰাজ বৰাৰ কথাৰে জনসাধাৰণৰ মাজলৈ উক্ত গীতটিক ভিডিঅ’ আকাৰে দেখিবলৈ পাই উৎসাহী হৈ পৰিছে জনসাধাৰণ।

মন কৰিবলগীয়া যে, ৰোমান্টিক ধৰ্মী এই গীতটিৰ আঁৰৰ প্ৰতিজন শিল্পীয়েই হৈছে নৱপ্ৰজন্মৰ; অহৰহ প্ৰয়াসৰ দ্বাৰা একোটা সৃষ্টিৰে দৰ্শকৰ কাষ চপা এই আটাইবোৰ শিল্পী-কলা-কুশলীৰ প্ৰতিভা লেখত ল’বলগীয়া হোৱাৰ উপৰিও তেওঁলোকৰ ব্যক্তিগত ভাৱে থকা অনুৰাগীৰ সংখ্যাও সৰ্বাধিক। গীতটিত ভিডিঅ’ পৰিচালনাৰ লগতে দৃশ্যগ্ৰহণ আৰু সম্পাদনা দায়িত্ব তিৰাপ সীমান্ত মেধিৰ। ইয়াত অভিনয় কৰিছে অভিজিৎ শৰ্মা আৰু প্ৰিয়ংকা পাঁচনিয়ে।

"উজাগৰী" ৰ জনপ্ৰিয়তা অব্যাহতঃ 2


গীতটিত থকা বিষয়বস্তুটোৰ সৈতে খাপ পাই পৰিছে ইয়াৰ ভিডিঅ’টোৰ কাহিনীভাগ। দৰ্শকৰ হৃদয়স্পৰ্শী কনচেপ্ট হোৱাৰ বাবেই হয়টো বৰ্তমান গীতটিক লৈ উৎকন্ঠা সকলোৰে। সংগীত সমূহক লৈ প্ৰায়ে একাংশৰ মাজত চলি থকা কোঁচকাৱাজৰ মাজত এনে একাংশৰ শিল্পীৰ প্ৰতিভাই সঁচাকৈয়ে ৰাইজক দিব পাৰিব নতুনৰ সোঁৱাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform