Rupaliparda.com
আধ্যাত্মিক গুৰুয়েও কৰিছিল সুশান্ত সিং ৰাজপুতৰ চিকিৎসাঃ 1

আধ্যাত্মিক গুৰুয়েও কৰিছিল সুশান্ত সিং ৰাজপুতৰ চিকিৎসাঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিষয়টোত প্ৰতিদিনেই ন-ন তথ্যৰ উদ্ঘাটন হৈছে। দেওবাৰে এক এনে তথ্য বাহিৰলৈ আহিল য’ত জানিব পৰা গ’ল যে মোহন সদাশিৱ গুৰু নামে এগৰাকী আধ্যাত্মিক গুৰুয়েও সুশান্তৰ চিকিৎসা কৰিছিল। এই গৰাকী আধ্যাত্মিক গুৰুক সম্পৰ্ক কৰিছিল অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে নিজেই। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আধ্যাত্মিক গুৰু গৰাকীয়ে দিয়া সাক্ষাৎকাৰত কয় যে, বিগত বৰ্ষৰ ২২-২৩ নৱেম্বৰত ৰিয়া আৰু সুশান্তক লগ পাইছিল আধ্যাত্মিক গুৰুৱে। ২২ তাৰিখে তেওঁ সুশান্তৰ চিকিৎসা কৰিছিল; আৰু তেতিয়াৰ পিছত অভিনেতা গৰাকী ভাল হৈছিলে বুলি মন্তব্য কৰে আধ্যাত্মিক গুৰু গৰাকীয়ে। আকৌ ২৩ তাৰিখৰ দিনা ৰিয়া আৰু সুশান্তৰ সৈতে আধ্যাত্মিক গুৰুৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা বুলিও কয় গুৰু গৰাকীয়ে। সাক্ষাৎকাৰত যেতিয়া তেওঁক তেওঁৰ চিকিৎসা কলা যাদুৰে কৰা হয় নেকি বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ ইয়াৰ উত্তৰত নহয় বুলিয়ে কৈছিল।

আধ্যাত্মিক গুৰুয়েও কৰিছিল সুশান্ত সিং ৰাজপুতৰ চিকিৎসাঃ 2


কিন্তু ইয়াৰ পিছত যেতিয়া তেওঁক সুশান্ত সঁচাকৈ ডিপ্ৰেছনত আছিল বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ ইয়াৰ উত্তৰত একোৱে কথা প্ৰকাশ নকৰিলে। আধ্যাত্মিক গুৰু গৰাকীয়ে ৯০ শতাংশ সুশান্তৰ চিকিৎসা কৰা বুলি ব্যক্ত কৰিছিল। সুশান্তৰ মৃত্যুৰ ঘটনাই বৰ্তমানলৈ সঠিক স্থিতিত উপনীত হোৱা নাই; প্ৰতিদিনেই নতুন কথা, নতুন ঘটনাৰে আগবাঢ়িছে অভিনেতাগৰাকীৰ মৃত্যুৰ ঘটনা।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform