Rupaliparda.com

“মই প্ৰথম ইয়াৰ কাহিনী আৰু স্ক্ৰীপ্টত মনোনিৱেশ কৰিম”- চিমি ৰায়েন

“লক-ডাউন” আৰু চুটি ছবিৰ এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিছে। একোখনকৈ সুন্দৰ চুটি ছবিয়ে প্ৰশংসা লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বঁটা। বিগত ৭-৮ মাহ মানৰ পৰাই চুটি ছবিসমূহে এক অন্য দৃষ্টিভংগীৰ সৃষ্টি কৰিছে জনসাধাৰণ সমূহৰ মাজত। শেহতীয়াকৈ চিমি ৰায়েনৰ পৰিচালনাৰে”ঘৰমুৱা” শীৰ্ষক চুটি ছবিখনে লাভ কৰিছে The lift Off Sesson 2020 ত মনোনয়ন। ৰূপালীপৰ্দাই ইতিমধ্যে কেইবাখনো চুটি ছবিৰ সন্ধান আপোনালোকক দিছে অথবা ইয়াৰ বহুবোৰ কথাই আপোনালোকক জনাইছে। পৰিচালক চিমি ৰায়েনৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে যেতিয়া তেওঁক সোধা হৈছিল যে “ঘৰমুৱা” ই জনসাধাৰণক কেনেদৰে আকৰ্ষণ কৰাটো বিচাৰে! তাৰ প্ৰশ্নৰ উত্তৰত পৰিচালক গৰাকীয়ে কয় যে, “যিহেটো “ঘৰমুৱা” চুটি ছবিখনক আন কিছু ছবি সমাৰোহলৈ পঠাইছো, সেই সমাৰোহৰ নিয়মাৱলী হিচাপে মই ছবিখন বৰ্তমান দৰ্শকৰ উপভোগৰ বাবে দিব পৰা নাই। পৰৱৰ্তী সময়ত, ৰাইজৰ মাজত আগবঢ়াবলৈ মোৰ হাতত অকণমান বেলেগ চিন্তা-ধাৰা আছে। কৰি আছো অকণমান পৰিকল্পনা; চাওঁচোন কিমান দূূৰলৈ সফল হওঁ।”

"মই প্ৰথম ইয়াৰ কাহিনী আৰু স্ক্ৰীপ্টত মনোনিৱেশ কৰিম"- চিমি ৰায়েন 1


পৰিচালক ৰূপে একোখন ছবি বা চুটি ছবি নিৰ্মাণত কোনটো উপাদানত বেছি গুৰুত্ব দিয়ে বুলি প্ৰশ্ন কৰাত পৰিচালক গৰাকীয়ে কয় যে, “এগৰাকী পৰিচালক ৰূপে যদিহে এখন ছবি বা চুটি ছবি নিৰ্মাণ কৰিবলৈ যাওঁ তেতিয়া মই প্ৰথম ইয়াৰ কাহিনী আৰু স্ক্ৰীপ্টত মনোনিৱেশ কৰিম।” আনহাতে, আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত চিমিয়ে ৰূপালীপৰ্দাক জনায় যে, “চলিত সপ্তাহতেই মই আকৌ আন দুখন চুটি ছবি নিৰ্মাণৰ কাম আৰম্ভ কৰিব লৈছিলো; লগতে খুব সোনকালেই আমি “Talent Scout Company” এটা আৰম্ভ কৰাৰ কথা ভাৱিছো।”

"মই প্ৰথম ইয়াৰ কাহিনী আৰু স্ক্ৰীপ্টত মনোনিৱেশ কৰিম"- চিমি ৰায়েন 2


ইয়াৰ উপৰিও পৰিচালক গৰাকীয়ে কয় যে, “সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে শিল্পী আৰু কলা-কুশলীৰ প্ৰতিভাক অকণমান যাতে উদ্গনি যোগাব পাৰো; বৰ্তমান তাৰেই চেষ্টাত বৰ্তি আছো।” চিমি ৰায়ানৰ আগন্তুক প্ৰকল্পক লৈ এতিয়া উৎসাহী জনসাধাৰণ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform