Rupaliparda.com
"U Turn" যতীন বৰাৰঃ প্ৰশ্ন একাংশৰ, "নায়ক" ৰ শিক্ষা কিয়নো নল'লে নিজ জীৱনত! 1

“U Turn” যতীন বৰাৰঃ প্ৰশ্ন একাংশৰ, “নায়ক” ৰ শিক্ষা কিয়নো নল’লে নিজ জীৱনত!

অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত বৰ্তমান সৃষ্টি হৈছে খলকনিৰ। যতীন বৰাৰ বিজেপি দলক লৈ কৰা “U Turn” য়ে এতিয়া প্ৰশ্নৰ সৃষ্টি কৰিছে সকলোৰে মন-মগজুত। কিছুদিন পূৰ্বলৈ যিগৰাকী অভিনেতাই “কা” বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল; যি গৰাকীয়ে সামাজিক দায়বদ্ধতাৰ খাতিৰত জনসাধাৰণৰ মাজৰ এজন হৈ কিছুদিন পূৰ্বলৈ থিয় দিছিল তেওঁয়েই আকৌ ৰাজনৈতিক মেৰ-পাকত পুনৰ বাৰ অন্তৰ্ভূক্ত হোৱাক লৈ এতিয়া চৰ্চাৰ মাজলৈ সোমাই পৰিছে অভিনেতা যতীন বৰা। একাংশই য’ত সুবিধাবাদী অভিনেতা বুলি নামকৰণ কৰিছে তাতেই আকৌ যতীন বৰাৰ “নাটক” খন ভাল লাগিল বুলিও মন্তব্য কৰিছে। মুঠতে, যতীন বৰাৰ “U Turn” ক লৈ বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। “বাৰুদ” ছবিখনত নায়কৰ ভূমিকা ৰূপায়ন কৰি যতীন বৰাই দিয়া ৰাজনৈতিক দূৰ্নীতিৰ শিক্ষা সমূহ যদি অভিনেতা গৰাকীয়ে নিজ ব্যক্তিগত জীৱনতো গ্ৰহণ কৰিলেহেঁতেন তেতিয়াহ’লে অসমবাসীৰ ককৰ্থনা পাবলগীয়া নহ’লহেঁতেন বুলিও এগৰাকীয়ে কমেন্টত লিখে।

"U Turn" যতীন বৰাৰঃ প্ৰশ্ন একাংশৰ, "নায়ক" ৰ শিক্ষা কিয়নো নল'লে নিজ জীৱনত! 2


যতীন বৰাই সংবাদ মেল অনুষ্ঠিত কৰি “কা” আন্দোলনৰ সময়ত তেওঁক বিপথে পৰিচালিত কৰাৰ কথা বাখ্যা কৰাৰ লগতে অভিনেতাগৰাকীয়ে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ ওচৰতো ক্ষমা বিচাৰে। সংবাদমেলত অভিনেতাগৰাকীয়ে কোৱা অধিকাংশ কথাই সহ্য কৰিব বিচৰা নাই জনসাধাৰণে। কিছুদিন পূৰ্বলৈ অভিনেতা গৰাকীয়ে ৰাইজৰ অধিকাৰৰ হকে মাত মতাৰ পিছত যেতিয়া “কা” আন্দোলনকাৰীয়ে গুৱাহাটীৰ পৰিস্থিতি ভয়াৱহ কৰাৰ লগতে মহানগৰীখন বিধ্বস্ত কৰা বুলি মন্তব্য কৰে তেতিয়া তেওঁৰ মানসিকতাক লৈ প্ৰশ্ন কৰাটো একাংশই স্বাভাৱিক বুলি ভাৱিয়ে নানানটা প্ৰশ্নৰ উত্থাপন কৰে।

"U Turn" যতীন বৰাৰঃ প্ৰশ্ন একাংশৰ, "নায়ক" ৰ শিক্ষা কিয়নো নল'লে নিজ জীৱনত! 3


জুবিন গাৰ্গে বিজেপিৰ সৈতে অৰ্থনৈতিক বিপ্লৱৰ কথা চিন্তি হাত মিলোৱাৰ পিছত অভিনেতা যতীন বৰাৰ এনে পদক্ষেপে এতিয়া সকলোৰে মনত অশান্তিৰ সৃষ্টি কৰিছে। সমালোচনা অথবা এই প্ৰশ্ন সমূহৰ উত্তৰ অভিনেতাগৰাকীয়ে কেতিয়াকৈ দিব সেয়া হৈছে লক্ষণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform