এটি চৰিত্ৰ; উক্ত চৰিত্ৰটোৰ ভিন্নতা। মূখ্য চৰিত্ৰ কেইটাৰ বাহিৰেও যেন এই সহযোগী চৰিত্ৰকেইটিয়ে দৰ্শকৰ হৃদয়ত খলকনিৰ সৃষ্টি কৰিছে। প্ৰিয় হৈ পৰিছে এই চৰিত্ৰটো সকলোৰে; চৰিত্ৰটোৰ অবিহনে যেন আধৰুৱা হৈ পৰিছে ধাৰাবাহিকখনৰ প্ৰতিটো চৰিত্ৰ। চৰিত্ৰটোৰ নাম হৈছে প্ৰৱাল; এগৰাকী অভিনেতা আৰু সমান্তৰালকৈ এওঁ এগৰাকী পৰিচালকো। তেওঁৰ চুটি ছবি সমূহে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছে সফলতা। নৱপ্ৰজন্মৰ এই গৰাকী উদীয়মান যুৱকৰ নাম হৈছে প্ৰণৱ ভৰালী। বৰ্তমান ৰং চেনেল যোগে প্ৰচাৰিত ধাৰাবাহিক “দুটি মনৰ জোনাক” ৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁৰ চৰিত্ৰটো ৰূপায়নৰ লগতে তেওঁৰ পৰিচালনাৰো অনুৰাগী বিভিন্ন জন। “I am Good” শীৰ্ষক চুটি ছবিখনৰ বিষয়ে ইতিমধ্যে জানিবলৈ পাৰিছে জনসাধাৰণে; এই গৰাকী পৰিচালকৰ সৈতেই আজিৰ দেওবৰীয়া বিশেষত আমি পাতিম কিছু কথা। চাওঁ চোন আহকঃ

প্ৰশ্নঃ পৰিচালনা আৰু অভিনয়; কোনটোক সামৰি আগন্তুক সময়ত নিজ কেৰিয়াৰ গঢ়িবলৈ বিচাৰে??
প্ৰণৱ ভৰালীঃ অভিনয় আগতেও মই কৰিছো; অভিনয়ৰ সৈতে জড়িত হোৱাৰ লগতে মই বিভিন্ন খন অভিনয়ৰ কৰ্মশালাতো যোগদান কৰিছিলো। কিন্তু, নিজ কেৰিয়াৰ ৰূপে যদি বাঁচনি কৰিবলগীয়া হয় তেনেহ’লে মই বাচি ল’ম পৰিচালনা লগতে স্ক্ৰীপ্ট ৰাইটিঙক। এই দুইটা বস্তুতহে মই ভৱিষ্যতে মনোনিৱেশ কৰিবলৈ বিচাৰো।

প্ৰশ্নঃ “দুটি মনৰ জোনাক” ত আপোনাৰ এক নতুন ৰূপ দেখিছে দৰ্শকে; চৰিত্ৰটো ৰূপায়ন কৰা কিবা বিশেষ কাৰণ?
প্ৰণৱ ভৰালীঃ “দুটি মনৰ জোনাক” ৰ এই বিশেষ চৰিত্ৰটোক লৈ যদিও মোক পৰিচালক কল্প দাই মতাই আনিছিল; কিন্তু চৰিত্ৰটোৰ ক্ষেত্ৰত তেনে এক ব্যতিক্ৰমী বিশেষত্ব সংযোজন কৰিছিল কমল লোচনেহে। কমল দাইয়ে মোক কৈছিল যে “তুমি এনেকৈ কৰা তেতিয়া ভাল লাগিব।” আৰু, সঁচাকৈ এনে কিবা এটা বেলেগ কৰাৰ বাবে হয়টো দৰ্শকে মোক আকোঁৱালি লৈছিল। কিন্তু দৰ্শকৰ ইমান বেছি সঁহাৰি, সমাদৰ মোৰ বাবে কল্পনাৰো অগোচৰ আছিল। গতিকে, আশা কৰিছো যাতে মোক আগন্তুক সময়ত এনেদৰে মৰম দিয়ক, আশীৰ্বাদ কৰক। এই চৰিত্ৰটো আচলতে বহুখিনি অক্ষম লোকৰ ক্ষেত্ৰত এক প্ৰেৰণা হৈ থিয় হ’ব যেন মোৰ অনুভৱ হয়।

প্ৰশ্নঃ আগন্তুক চুটি ছবিৰ পৰিকল্পনা?
প্ৰণৱ ভৰালীঃ আগন্তুক চুটি ছবি দুখন আছে; ইতিমধ্যে ইয়াৰ প্ৰি-প্ৰডাকচনৰ কাম আগবাঢ়িছে। চুটি ছবি বুলিয়ে নহয়; এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰো কাম আছে। সম্প্ৰতি পৰিস্থিতিৰ সাম কাটিলেই ইয়াৰ কামসমূহ আগবাঢ়িব। ইয়াৰ উপৰিও, ৱেব চিৰিজৰো কিছু পৰিকল্পনা কৰি থকা হৈছে। এতিয়া মাত্ৰ দৰ্শক আৰু ভগৱানৰ আৰ্শীবাদৰ প্ৰয়োজন; তেওঁলোকৰ আৰ্শীবাদ থাকিলেই সকলো কাম সুচাৰুৰূপে চলি যাব। এতিয়া এটাই ইচ্ছা যে, জনসাধাৰণক মনোৰঞ্জন কৰোৱাব পৰা যাতে সক্ষমতা আমাৰ থাকে; অৱশ্যে ইয়াৰ বাবে আমি যৎপৰোনাস্তি চেষ্টাও অব্যাহত ৰাখিম।

প্ৰশ্নঃআপোনাৰ মতে, সঁচা অৰ্থত “শিল্পী” মানে কি?
প্ৰণৱ ভৰালীঃ মোৰ মতে, “শিল্পী” হৈছে তেনে এজন ব্যক্তি যিয়ে “শিল্প” ক ভালপোৱাৰ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখে। আৰু, আচলতে এই “শিল্পী” নামটো জনসাধাৰণে দিয়ে; এগৰাকী ব্যক্তিৰ প্ৰতিভা, ক্ষমতা আদিক কেন্দ্ৰ কৰি জনসাধাৰণে কোনো এজন ব্যক্তিক এই নামটো দিয়ে। আমি নিজাববীয়াকৈ এই নামটো লৈ ল’ব নোৱাৰো। আনহাতে, মনোৰঞ্জন ক্ষেত্ৰখনত যে জড়িত হ’লেই কোনো গৰাকী ব্যক্তি শিল্পী হ’ব, সেইটোও মই নাভাৱো। “শিল্পী” এগৰাকী কেনে হোৱা উচিত তাৰ কোনো সঠিক সংজ্ঞা দিব পৰা নাযায়। কিন্তু, কথাতে কয় নহয়; “শিল পি পি খোৱা সকলক শিল্পী বোলে”। নিজে দুখত থাকিও এইসকলে আনক হহুঁৱাবলৈ চেষ্টা কৰে, মনোৰঞ্জন কৰোৱাবলৈ চেষ্টা কৰে আৰু তাকেই শিল্পী বোলে; “শিল্পী” য়ে নিজে শিল খায়, মানুহক ৰস খুৱায়।

প্ৰশ্নঃ সম্প্ৰতি শিল্পী সমাজৰ আৰ্থিক অৱস্থাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক স্থিতিলৈ বিভিন্ন খেলি-মেলি সকলোৱে দেখিছে; ইয়াৰ ওপৰত আপোনাৰ মতামত?
প্ৰণৱ ভৰালীঃ মই ৰাজনৈতিক কথাবোৰত বৰ-বেছি মূৰ সোমোৱাবলৈ টান পাওঁ; তথাপিও আমি প্ৰত্যেকজন ব্যক্তি যিকোনো প্ৰকাৰে ৰাজনীতিৰ সৈতে জড়িত; ৰাজনৈতিক ভাৱে আৱদ্ধ। গতিকে শিল্পী সমাজে হওঁক বা খেতিয়কে হওঁক নাইবা কোনো বিজনেছমেনেই নহওঁক কিয়! সকলো ৰাজনৈতিক কৱলত আৱদ্ধ। শিল্পী সমূহৰ আৰ্থিক অৱস্থাৰ বিষয়ে যদি ক’বলৈ যাওঁ তেনেহ’লে আমি সকলোৱে গম পাওঁ যে আমাৰ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন কিমান আগবঢ়া। “মিছন ছাইনা”, “ৰত্নাকৰ”, “কাঞ্চনজংঘা” ৰ উপৰিও বহু কেইখন অসমীয়া ছবি মুক্তি লাভ কৰিছিল যদিও দৰ্শকে সহাঁৰি জনোৱা নাছিল। “বৰনদী ভঁটিয়ায়” ৰ দৰে এখন ছবিকো দৰ্শকে চাবলৈ যোৱা নাছিল। সঁচা কথা ক’বলৈ গ’লে, এই ক্ষেত্ৰখনত কাম কৰা আমি বোৰো কোনোবাখিনিত আচলতে আৰ্থিকভাৱে হতাশ হৈ আছো। মই ভাৱো, সেই অৱস্থাবোৰ ভাল হওঁক; সাধাৰণজনে প্ৰতিজন শিল্পীৰ গুণগত সৃষ্টিবোৰ আকোঁৱালি লওঁক, তেতিয়া নিশ্চয় “ৰত্নাকৰ” বুলিয়ে নহয়। বহু নতুন নতুন ফিল্মমেকাৰে ন-ন ছবিৰ সৃষ্টি কৰিব। “আমিষ” ৰ কালেকচন “ৰত্নাকৰ” তকৈ কম; যিখন ছবিয়ে বলীউডত সমাদৰ লাভ কৰিছিল। এয়া অসমবাসীৰ বাবে গৌৰৱৰ কথা আছিল; মই কোৱা নাই যে সকলবোৰ ছবিয়ে উপভোগ কৰক। সকলোবোৰ নহ’লেও ভালবোৰতো চাবই লাগিব। আৰু, বৰ্তমান ৰাজনৈতিক স্থিতিত মই মাত নামাতো। সেইবোৰ ব্যক্তিগত কথা; কোনোৱে যদি সাংস্কৃতিক আৰু ৰাজনৈতিক দুয়ো ফালৰ পৰাই জনসাধাৰণক সেৱা কৰিব বিচাৰিছে তেতিয়াহ’লে সেয়া তেওঁৰ ব্যক্তিগত কথা।

…ধন্যবাদ প্ৰণৱ। আপোনাৰ আগন্তুক প্ৰকল্পৰ বাবে ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।
প্ৰণৱ ভৰালীঃ ধন্যবাদ।
Add comment