Rupaliparda.com
"ভগৱান গণপতিয়ে আপোনালোকক শক্তি দিয়ক"- উৰ্বশী ৰাতৌলা 1

“ভগৱান গণপতিয়ে আপোনালোকক শক্তি দিয়ক”- উৰ্বশী ৰাতৌলা

আজি গণেশ চতূৰ্থী; গণেশ দেৱতাৰ আগমনৰ পৰা তেওঁক পেণ্ডেলত স্থাপন কৰাক লৈ প্ৰস্তুতি তুংগত উঠিছে এতিয়া সৰ্বত্ৰে। অৱশ্যে ক’ৰোণা ভাইৰাছৰ ফলত বৰ্তমান সমষ্ট বলীডউ অভিনেতা-অভিনেত্ৰীয়ে নিজ বাসগৃহতেই প্ৰয়োজনীয় সকলো সজাগতা অথবা সচেতনতা গ্ৰহণ কৰি সকলো উৎসৱ উদযাপন কৰিছে। শেহতীয়াকৈ গণেশ চতূৰ্থী উপলক্ষে প্ৰস্তুতি চলোৱাৰ উপৰিও ধনাত্মক কিছু বাৰ্তাৰে অনুৰাগীৰ কাষ চাপিছে অভিনেত্ৰী উৰ্বশী ৰাতৌলা। অভিনেত্ৰী গৰাকী বৰ্তমান হায়দৰাবাদত আছে তেওঁৰ আগন্তুক তেলেগু ছবিৰ শ্বুটিঙৰ বাবে। অভিনেত্ৰী গৰাকীয়ে ভগৱান গণেশৰ ওচৰত প্ৰাৰ্থনা কৰি কয় যে, “ক’ৰোণা ভাইৰাছৰ এইটো সময়ত ভগৱান গণেশ এই ধৰালৈ আহিব আৰু তেওঁয়ে আমাৰ সমষ্ট দুখ, দূৰ্দশা, সংঘৰ্ষ আদিৰ নিবাৰণ কৰিব। আমাৰ ঘৰলৈ তেওঁ অহা মানে আমাৰ জীৱনৰ এক নতুনৰ আৰম্ভণি হোৱা; এই নতুনে আমাক সুখ, আত্মবিশ্বাস আৰু বল প্ৰদান কৰিব। গণেশ চতূৰ্থীত বাপ্পাৰ এই উৎসৱ হৰ্ষোল্লাসেৰে উদযাপন কৰক আৰু সমগ্ৰ পৃথিৱী সুন্দৰ কৰি তোলক।”

"ভগৱান গণপতিয়ে আপোনালোকক শক্তি দিয়ক"- উৰ্বশী ৰাতৌলা 2


উৰ্বলী ৰাতৌলাই আগলৈ কয় যে, “ভগৱান গণপতিয়ে আপোনালোকক শক্তি দিয়ক আৰু সকলো দুখৰ নাশ কৰক। তেওঁৰ আশীৰ্বাদ সকলোৰে ওপৰত থাকক।” উল্লেখ্য যে, শেহতীয়াকৈ উৰ্বশীক “বৰ্জিন ভানুপ্ৰিয়া” ত দেখিবলৈ পোৱা গৈছিল। অভিনেত্ৰী গৰাকী চচিয়েল মিডিয়াত পূৰ্ণ ৰূপত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform